গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
ক'ৰ'না ভাইৰাছক লৈ স্তব্ধ সমগ্ৰ দেশ।দেশত দিনক দিনে বৃদ্ধি পাইছে মহামাৰী ক'ৰ'নাত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা।উল্লেখ্য যে দেশজুৰি লকডাউন বলৱৎ হৈ থকাত অসমৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ ব্যাপক খাদ্য সংকটত ভোগাও পৰিলক্ষিত হৈছে। বহুসংখ্যক লোক খাদ্য সংকটত পৰাৰ সময়তে অসম চৰকাৰৰ স্বাস্থ্য,বিত্ত আৰু শিক্ষা মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৰ্মচাৰী সমাজক তেওঁলোকৰ মাহেকীয়া দৰমহাৰ পৰা স্হানীয় কমেও পাঁঁচটাকৈ পৰিয়ালক সহায় কৰিবলৈ আহ্বান জনাইছিল আৰু এই আহ্বানৰ পিছতে ৰাজ্যজুৰি বহু ব্যক্তি ওলাই আহি আৰ্তজনৰ কাষত ঠিয় হোৱা দেখা গৈছে।ৰাজ্যত অকল কৰ্মচাৰীসকলেই যে আগবাঢ়ি আহিছে এনে নহয়,বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলেও দুখীয়া ৰাইজক খাদ্য সামগ্ৰী প্ৰদান কৰিছে। ইয়াৰ মাজতে শুকুৰবাৰে গোলাঘাট জিলাৰ বৃহত্তৰ কাকডোঙা সাংবাদিক সন্থা ওলাই আহিল আৰ্তজনক সহায়ৰ বাবে।কাকডোঙা সাংবাদিক সন্থাই বৃহস্পতিবাৰে বৃহত্তৰ অঞ্চলটোৰ ১৬০টাৰো অধিক দৰিদ্ৰ পৰিয়ালক দুদিন খাব পৰাকৈ প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে।সাংবাদিক সংস্থা সভাপতি দীপক দত্ত, সম্পাদক ৰুবুল শইকীয়া,আহমেদ হুছেইনৰ বিশেষ তৎপৰতাত বিগত কেইটামান দিনৰ ভিতৰত বৃহত্তৰ অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালৰ এখন তালিকা প্ৰস্তুত কৰি বৃহস্পতিবাৰে এই ১৬০টাৰো অধিক পৰিয়ালক ঘৰে ঘৰে গৈ নীতি-নিয়মৰ মাজেৰে খাদ্য সামগ্ৰীসমূহ প্ৰদান কৰে।সাংবাদিক সন্থাৰ এই প্ৰচেষ্টাক সহযোগিতা আগবঢ়াই স্থানীয় কাকডোঙা সমবায় সমিতিৰ এজেন্টসকল,দক্ষিণ-পূব কাকডোঙা গাঁও পঞ্চায়ত,চোমনি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ১০ গৰাকী স্বাস্থ্য কৰ্মী,'আটাছু'ৰ কাকডোঙা সমিতি, যুৱ ব্যৱসায়ী পৰেশ গগৈ আৰু দুগৰাকীমান সমাজকর্মীয়ে।সংবাদসেৱীসকলৰ এই প্ৰচেষ্টাৰে স্থানীয় ৰাইজে শলাগ লৈছে।
- Log in to post comments
- 6 views