নগাঁৱৰ পৰা ৱাহিদুদ জামান:
বৃহস্পতিবাৰে নগাঁও আৱৰ্ত ভৱনৰ সভা-কক্ষত অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই জিলাখনৰ কৃষি,পশুচিকিৎসা আৰু দুগ্ধ উন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়।উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত শাক-পাচলি ৰাইজে কিদৰে লাভ কৰিছে,সেই বিষয়ে বিষয়াসকলৰ পৰা বুজ লয়।লগতে,মন্ত্ৰীগৰাকীয়ে অত্যাৱশ্যকীয় সামগ্ৰী,যেনে- গাখীৰ, কণী আদি ৰাইজে পাবলৈ সক্ষম হৈছেনে নাই,তাৰ বিষয়ে বিষয়াসকলৰ পৰা বুজ লয় আৰু এই সংকটৰ সময়ত কোনো অসাধু ব্যৱসায়ীয়ে যাতে কোনো সামগ্ৰীৰে মূল্যবৃদ্ধি কৰিব নোৱাৰে,সেই দিশত চোকা দৃষ্টি ৰাখিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।মন্ত্ৰীগৰাকীয়ে বৰ্তমান পৰিস্থিতিত সকলো বিষয়াকে সামাজিক দূৰত্ব বজাই ৰাখি নিজ নিজ কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনায়।নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো ৰাইজে যাতে এই সময়ত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ পাবলৈ সক্ষম হয়,সেই দিশত নজৰ ৰাখিবলৈ বিষয়াসকলক কয়।উক্ত সভাখনত জিলা উপায়ুক্তক,নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে ধৰি জিলাখনৰ বিভিন্ন বিষয়াসকল উপস্থিত থাকে।
- Log in to post comments
- 21 views