বৃহত্তৰ বংশৰত ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই ছটিয়াইছে বীজাণুনাশক ঔষধ 

Pic

মৃণাল ডেকা,শুৱালকুছি:

সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ক'ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে আহ্বান জনোৱা 'লকডাউন'ৰ  প্ৰভাৱ কামৰূপ জিলাত  সম্পূৰ্ণৰূপে পৰা দেখা গৈছে।ইতিমধ্যে,ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত  ৰাজহুৱা স্থান,ৰাজপথ আদিত বীজাণুনাশক ঔষধ ছটিয়াইছে।সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বুুুধবাৰে ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে বৃহত্তৰ বংশৰ অঞ্চলৰ বংশৰ তিনি আলি,বংশৰ গাওঁ পঞ্চায়ত কাৰ্য্যালয়,বংশৰ চেন্ট্ৰেল বেংক,বংশৰ ভাণ্ডাৰ সমবায়,কিছমৎ বংশৰ,শিঙিমাৰী চ’ক,দদৰা আৰক্ষী চকী , দদৰা ষ্টেট বেংক,দদৰা সমবায়,দদৰা তিনি আলি আদি অঞ্চল তথা চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় প্ৰাঙ্গণত কৃষকৰ স্প্ৰিয়েৰ মেচিনৰ জড়িয়তে ব্লিচিং পাউদাৰ তথা চৰকাৰীভাৱে ছটিওৱা বীজাণুনাশক দ্ৰব্য ছটিয়াই  বীজাণুমুক্ত কৰে ।অনাগত সময়ত প্ৰশাসনে সাঙুৰি ল'ব নোৱাৰা অঞ্চলসমূহত বীজাণুনাশক দ্ৰব্য ছটিওৱাৰ ব্যৱস্থা কৰা হ'ব বুলি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই  জানিবলৈ দিয়ে।লগতে ক'ভিড-১৯ বিৰোধী যুুঁজত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী,পৌৰ নিগমৰ আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত আৰু আৰক্ষীৰ ব্যক্তিসকলক ধন্যবাদ জনায়।লগতে তেওঁ লকডাউনৰ সময়ত ৰাইজক ঘৰতে থাকি  সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়।কাৰ্যসূচীত পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন দাস,'আছু' নেতা,ৰাতুল দাস,বিকাংক দাস,মানৱ দাস,প্ৰাক্তন আছু নেতা মৃণাল ডেকা,বিশ্বজিত বৈশ্য আদি উপস্থিত থাকে।
 

Your Comments