জালাহত দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰণ

Pic

জালাহৰ পৰা গুঞ্জন দাস:

ভাৰত চৰকাৰে ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে আহ্বান জনোৱা ২১ দিনীয়া তলাবন্ধ কাৰ্যসূচীৰ ফলত দিন মজুৰি কৰা লোক,ক্ষুদ্ৰ ব্যৱসায়ী,মটৰ পৰিবহণৰ লগত জড়িত দ্ৰাইভাৰ-হেণ্ডিমেন আদি লোকসকলে পৰিয়াল পোহপাল দিয়াত ভীষণ সমস্যাৰ সন্মুখীন হৈছে।ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত বা অসম চৰকাৰৰ কৰ্মচাৰীসকলে নিজ দায়িত্ব হিচাপে লৈ প্ৰতিখন গাঁও আৰু অঞ্চলত দুখীয়া লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি অহাতো আজিৰ সমাজ ব্যৱস্থাৰ বাবে শুভ লক্ষণ বুলি ক'ব পাৰি।অসম চৰকাৰৰ শিক্ষা, স্বাস্থ্য,বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিজন চৰকাৰী চাকৰিয়ালক পাঁঁচটা পৰিয়ালক আৰ্থিকভাৱে সহায় কৰি বিহুৰ শুভেচ্ছা প্ৰদান কৰাৰ বাবে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত বুুধবাৰে বাক্সা জিলাৰ জালাহ গাঁৱৰ ৯ জন চাকৰিয়ালে নিজৰ গাঁৱৰ ২৩ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।ভাস্কৰ দ্বীপ নাথ, অমূল্য নাথ, অনিল নাথ, হিতেশ নাথ, টুটুমনি শৰ্মা, মদন নাথ, বিক্ৰম নাথ, ৰূপম নাথ আৰু অঞ্জুমণি নাথে খাদ্য সামগ্ৰীসমূ্হৰ ভিতৰত দাইল, চেনি, চাহপাত, মিঠাতেল, আলু, পিঁঁয়াজ, আটা আৰু নিমখ প্ৰদান কৰে।তেওঁলোকৰ এই মহানুভৱতাক দুখীয়া লোকসকলে ধন্যবাদ জ্ঞাপন কৰে।খাদ্য সামগ্ৰী বিতৰণ কৰি দধিৰাম ঠাকুৰীয়া হাইস্কুলৰ প্ৰধান শিক্ষক অনিল নাথে সকলো লোককে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে নিজ নিজ গৃহত সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়।

Your Comments