অসমীয়াভাষী হ্ৰাস হোৱাৰ ঘাই কাৰণ অসমীয়া নিজে 

অসমীয়াভাষী হ্ৰাস হোৱাৰ ঘাই কাৰণ অসমীয়া নিজে 

অসমীয়া নৃগোষ্ঠীয় ভাষী লোকৰ  অসমীয়া ভাষীও দ্ৰুতগতিত হ্ৰাস পাইছে আৰু পাব ৷ ব্যাখ্যা নকৰাকৈ মাত্ৰ চাৰিটা কাৰণ উল্লেখ কৰিলোঁ ৷  

ক) অসমৰ মাটি-ভেটি   কোনে আনৰ হাতত বিক্ৰী কৰে  -অসমীয়াই (  নৃগোষ্ঠী সকলক সামৰি,শ শ বছৰ ধৰি জীণ যোৱা অসমৰ ভাষা-সংস্কৃতি-সমাজ জীৱনৰ স’তে যুক্ত হোৱা জাতি বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে  ধৰি অসমীয়া- এই ৷ অৰ্থত ) গতিকে থলুৱা সম্পদ ,কৃষি, শৌচালয় পৰিষ্কাৰ কৰাৰ পৰা অসমৰ ৰাজনীতি পৰিচালনা কৰা সকললৈকে অনা অসমীয়াৰ হাতত পৰ্যায় ক্ৰমে হস্তগত হৈ গৈ আছে ৷ গতিকে শ্ৰমৰ লগতে ৰাজনীতি ক্ষেত্ৰ আৰু আইৰ মুখৰ ভাষাটো দিনক দিনে অসমীয়াই আনৰ হাতত এৰি দিছে ৷ দ্ৰুতগতিত ভাষাটো হ্ৰাস হোৱাৰ ই এটা প্ৰধান কাৰণ ৷ ইয়েই কাৰণ প্ৰব্ৰজনৰ ৷ এলেহুৱা অসমীয়াৰ জলন্ত স্বাক্ষৰ৷

খ   ) অসমৰ স্ব ভাষাৰ মাধ্যম আমদানিকৃত ইংৰাজী মাধ্যমৰ হাতত কোনে বিক্ৰী কৰিছে - উচ্চ মধ্যবিত্ত ধনী অসমীয়াই , আন্দোলনকাৰী ৰাজপাত খোৱা অসমীয়া নেতাই, ভিন্ন দলত ৰাজনীতি কৰা অসমীয়াই , গতিকে অসমীয়া ভাষা আৰু দ্ৰুত গতিত হ্ৰাস পাব ৷ এটা ভাষা জীয়াই থাকিবলৈ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে স্বমাধ্যমত পঢ়া-শুনা কৰি থাকিব লাগিব ৷ তাৰ বিপৰীতে হাজাৰ হাজাৰ অসমীয়া শিক্ষাৰ্থীয়ে ইংৰাজী মাধ্যমত প্ৰতি বছৰে পঢ়ি আছে আৰু আৰু পঢ়ি থাকিব ৷ ভাষা এটা জীয়াই থাকিবলৈ ভাষা এটা শিক্ষণ মাধ্যমৰ ৰূপত  আৰু মৌখিক ভাষা প্ৰয়োগৰ ৰূপত হাজাৰ হাজাৰে এই ভাষাটো চৰ্চা কৰি থাকিব লাগিব ৷

  গ) অসমীয়া ভাষাক এতিয়া বাংলা ভাষীৰ (বিদেশী হিন্দু-মুছলিম) হাতত  কোনে বিক্ৰী কৰিবলৈ ওলাইছে ? বাওঁদলীয়-এজিপি- কংগ্ৰেছ- বিজেপি কৰা অসমীয়া ৰাজনীতিবিদ সকলে ৷ ৰাষ্ট্ৰবাদী চিন্তাৰে অসমৰ আইৰ মুখৰ ভাষাবোৰ অসমীয়াই এতিয়া নীলাম দিবলৈ ওলাইছে দিল্লীৰ চকীখনৰ স্বাৰ্থত ৷ বিদেশী বাংলা ভাষী হিন্দু- মুছলিম অসমত ভাষিক স্বাৰ্থত এদিন এক হ’ব আৰু অসমীয়া ভাষী অতি নিশকতীয়াকৈ হ্ৰাস পাব ৷ কাৰণ বাংলাভাষীসকল সন্মানজনকভাৱে ভাষিক চেতনা অতি প্ৰবল আৰু শ্ৰদ্ধা কৰিব লগা ৷ কেইদিনমানৰ আগত দল-জাতি-ধৰ্ম-নিৰ্বিশেষে বাংলা ভাষীসকল এক হোৱাৰ উদাহৰণ বৰাকৰ পৰা পশ্চিম বংগলৈ দেখা গ’ল l বাংলাভাষীসকলে হিন্দুৰ গইনা লৈ অসমীয়াৰ স’তে এতিয়া মিলি থকাৰ চেষ্টা কৰাৰ কাৰণ ৰাজনৈতিক ৷ স্বগোষ্ঠীক পোৱাৰ পাছত তেওঁলোক পিছলৈ ভাষিক চেতনাৰে  ইছলামধৰ্মী বাংলাভাষীসকলৰ লগত ক্ৰমে জীণ যাব মাত্ৰ কিছু বছৰৰ পাছতেই  ৷ ফলত ত্ৰিপুৰাৰপৰা বৰাক হৈ  অসমৰ চৰ অঞ্চলৰ ইছলামধৰ্মী বাংলা ভাষীসকলক (তেওঁলোকক প্ৰভাম্বিত কৰিব হিন্দু বিদেশী বাংলাভাষী সকলে আৰু ভাষিক স্বাৰ্থত নামনিৰ থলুৱা বঙালি সকলেও দিন গলে  সহযোগ কৰিব -তাত অসমীয়াই বেয়া পাই লাভ নাই৷ )সামৰি পছিম বংগৰ স’তে ভাষিক  ভাৱে একাকাৰ হৈ পৰিব ৷ এই কামটো  সম্পাদনা কৰাত আটাইতকৈ বেছি সহায় কৰিব  দিল্লীৰ লালসাত থকা অসমীয়া ৰাজনীতিবিদসকল  ৷ আৰু তাৰ মূল উদ্যোগ লবলৈ ওলাইছে সোণোৱালৰ দৰে বিজেপি কৰা অসমীয়া বীৰ পুৰুষ সকলে ৷ গতিকে অসমীয়া ভাষা হ্ৰাস হোৱাৰ বাবে জগৰীয়া অসমীয়াহে  আন কোন নহয় ৷

ঘ) সৰ্বত্ৰ অসমৰ ভাষিক নৃগোষ্ঠীসকলৰ লগত ভাষিক অসমীয়াসকলৰ সমন্বয়ৰ অভাৱৰ কাৰণেও অসমীয়া নৃগোষ্ঠীসকলৰ ভাষা আৰু অসমীয়া ভাষা দ্ৰুত গতিত হ্ৰাস পাব ৷অসমীয়া ভাষা জীয়াই থাকিবলৈ হ’লে অসমীয়া নৃগোষ্ঠীয় ভাষাবোৰ জীয়াই থাকিব লাগিব, অনুৰূপ অসমীয়া নৃগোষ্ঠীয় ভাষাবোৰ জীয়াই থাকিবলৈ হ’লে  অসমীয়া ভাষাও জীয়াই থাকিব লাগিব ৷ এই মূল কাৰণটো ৰাজনীতিৰ অৰিয়াঅৰিত আমি পাহৰি আছোঁ ৷ আমাক যে তৃতীয় পক্ষই বিভেদ কৰি ৰখাৰ প্ৰয়াস নিৰন্তৰ চলি আছে আৰু সফলো হৈছে তাক ভাৱি চোৱাৰ অৱকাশ নাই কাৰো ৷ 
  যি অৱশেষ আছেগৈ তাক জীয়াই ৰাখিবলৈ প্ৰতিকাৰ কি আইৰ মুখ খনলৈ চাই আকৌ এবাৰ ভাৱক আৰু লোকপিয়লৰ তালিকাখন পঢ়ি চাওক ৷

Your Comments