নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও গড়কাপ্তানি বিভাগৰ পঞ্জীয়নপ্ৰাপ্ত কন্ট্ৰেক্টৰ এছ’চিয়েছনৰ উদ্যোগত যোৱা ৩ এপ্ৰিলৰ পৰা নগাঁও জিলাখনৰ বিভিন্ন পথসমূহ ঔষধযুক্ত পানীৰে ছেনিটাইজ কৰা হয়।সম্প্ৰতি নগাঁও জিলাত মহামাৰী ক’ৰ'না ভাইৰাছৰ ভয়াৱহতাই সকলোকে আতংকগ্ৰস্ত কৰি তুলিছে।তেনে সময়তে নগাঁৱৰ গড়কাপ্তানি বিভাগৰ পঞ্জীয়নপ্ৰাপ্ত কন্ট্ৰেক্টৰ এছ’চিয়েছনৰ বিষয়ববীয়াসকলৰ সিদ্ধান্ত মৰ্মে পথসমূহ ছেনিটাইজ কৰাৰ কাম হাতত লোৱা হয়।৩ এপ্ৰিলৰ পুৱা ১০ বজাত মৰিকলং চাৰিআলিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।সেইদিন ধৰি চহৰখনৰ লগতে বিভিন্ন গ্ৰামাঞ্চলৰ গুৰুত্বপূৰ্ণ পথসমূহত ছেনিটাইজ কৰাৰ কাম চলি আছে।এই সমগ্ৰ কাৰ্যসূচীত এছ’চিয়েছনৰ ছখনকৈ নিজা গাড়ীৰে এই ছেনিটাইজিঙৰ কাম হাতত লোৱা হয় বুলি জানিব পৰা গৈছে।কাৰ্যসূচীত এছ’চিয়েছনৰ সমূহ বিষয়ববীয়া-সদস্যসকলৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো শীৰ্ষ বিষয়াৰ লগতে গড়কাপ্তানি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।আনহাতে,বুধবাৰে জুৰীয়া থানাৰ এলেকাধীন জুৰীয়া বজাৰ আৰু শিঙাৰী বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সন্মুখভাগৰ লগতে সমগ্ৰ বজাৰ অঞ্চলসমূহৰ পথত ঔষধযুক্ত পানীৰে ছেনিটাইজ কৰা হয় ৷ বিশ্বব্যাপি ত্ৰাসৰ সৃষ্টিকাৰী ক’ৰ'না ভাইৰাছৰ এই ভয়াৱহ বীজাণু যাতে গ্ৰামাঞ্চলৰ সাধাৰণ লোকসকলৈ বিয়পিব নোৱাৰে,লগতে গ্ৰামাঞ্চলৰ সাধাৰণ লোকসকলক সাম্প্ৰতিক পৰিস্থিতিত পৰিস্কাৰ-পৰিছন্নতাৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যেৰে নিজা প্ৰচেষ্টাত এই যৎকিঞ্চিৎ প্ৰয়াস কৰা হৈছে বুলি এছ’চিয়েছনৰ সভাপতি বুবুল বৰা,উপ-সভাপতি দেউৰাম বৰুৱা,কাৰ্যকৰী সভাপতি পৱন শইকীয়া,সাধাৰণ- সম্পাদক গিৰীকান্ত বৰাই জানিবলৈ দিছে।ইয়াৰ উপৰি এছ’চিয়েছনে বৰ্তমানলৈকে জিলাখনৰ নগাঁও চহৰৰ লগতে বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ছটা ৰাজহুৱা স্থান,কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত সাতটা স্থান,লাওঁখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত তিনিটা স্থান,ৰহা উন্নয়ন খণ্ডৰ তিনিটা স্থান,জুৰীয়া উন্নয়ন খণ্ডৰ পাচঁটা স্থান,বাজিয়াগাওঁ উন্নয়ন খণ্ডৰ চাৰিটা স্থান,দলংঘাট উন্নয়ন খণ্ডৰ কেইবাটাও স্থানত,ৰূপহী উন্নয়ন খণ্ডৰ চাৰিটা স্থান,বঢ়মপুৰ উন্নয়ন খণ্ডৰ দুটা স্থানত,মৈৰাবাৰী উন্নয়ন খণ্ডৰ কেইবাটাও ৰাজহুৱা স্থানত ঔষধযুক্ত পানীৰে ছেনিটাইজাৰ কৰা হ'ব।নগাঁঁও গড়কাপ্তানি বিভাগৰ পঞ্জীয়নপ্ৰাপ্ত কন্টেকট্ৰৰ এছ’চিয়েছনে মানৱীয়তাৰ পৰিচয় দাঙি ধৰি এনে পদক্ষেপ হাতত লোৱাত নগাঁৱৰ সচেতন মহলে শলাগ লৈছে ৷
- Log in to post comments
- 10 views