বিত্তমন্ত্রীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নলবাৰীৰ গোৱিন্দপুৰত খাদ্য সামগ্ৰী বিতৰণ চৰকাৰী কৰ্মচাৰীৰ 

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

বিশ্বজুৰি মহামাৰী ক'ৰ'না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ধাৰণ কৰিছে ভয়ৱহ ৰূপ।ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ বাবে  চৰকাৰে জাৰি কৰা 'লকডাউন'ৰ বাবে স্তব্ধ হৈ পৰিছে  জনজীৱন।গৃহবন্দী হৈ পৰিছে জনতা। এনে সময়ত দুখীয়া-নিচলা,দিন হাজিৰা কৰা লোকসকল আৰ্থিক আৰু খাদ্য সংকটৰ সন্মুখীন হৈছে।এনে সময়ত আছু,যুুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠন,এনজিঅ',সাংবাদিক ,  আৰক্ষী,সমাজসেৱী,ব্যৱসায়ীকে ধৰি বহু হৃদয়বান ব্যক্তি দুখীয়া পৰিয়ালসমূহক খাদ্য সামগ্ৰী,খাদ্য,ঔষধ যোগান ধৰা পৰিলক্ষিত হৈছে।ইফালে,স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক দুখীয়া পৰিয়ালসমূহক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছিল।স্বাস্থ্যমন্ত্রীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে চৰকাৰী কৰ্মচাৰীসকল।নলবাৰী জিলাৰ গোৱিন্দপুৰ গাঁঁৱৰ চৰকাৰী কৰ্মচাৰীসকলেও মঙলবাৰে প্ৰশাসনৰ নীতি-নিয়ম মানি উক্ত অঞ্চলৰ প্ৰায় ৭০ ঘৰ মানুহক ঘৰে-ঘৰে গৈ খাদ্য সামগ্ৰী যোগান ধৰে।এগৰাকী যুৱ ব্যৱসায়ীয়েও চৰকাৰী কৰ্মচাৰীসকলক সহযোগ কৰে ।  দুখীয়া পৰিয়ালকেইটা খাদ্য সামগ্ৰীখিনি পাই আনন্দিত হৈ পৰে।চৰকাৰী কৰ্মচাৰীসকল ক'ৰ'না ভাইৰাছত যাতে সংক্ৰমিত হ'বলৈ নোৱাৰে,তাৰ বাবে সকলো লোকক বাৰে বাৰে চাবোনেৰে হাত ধুবলৈ,  সামাজিক দূৰত্ব বজাই ৰাখি লকডাউন মানি চলিবলৈ আহ্বান জনায়।

Your Comments