নগাঁৱৰ ৰহাৰ ৫৫০টা পৰিয়ালক ক্ৰীড়াবিদ গংগোত্ৰী বৰদলৈৰ খাদ্য-সামগ্ৰী বিতৰণ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

নগাঁও জিলাৰ ৰহাৰ সমীপৰ কটহগুৰি আৰু দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলে 'লকডাউন'ৰ ফলত গৃহবন্দী হৈ খাদ্য সামগ্ৰীৰ নাটনিত পৰা পৰিলক্ষিত হৈছে।নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকালত পৰা উক্ত অঞ্চলৰ লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলাই তুলিবলৈ সক্ষম হোৱা এগৰাকী খেলুৱৈ।এই খেলুৱৈগৰাকী হৈছে কটহগুৰিৰে আৰক্ষী কৰ্মী মিহিৰাম বৰদলৈ আৰু সৰবৰহী মহিলা ইৰামণি বৰদলৈৰ কন্যা গংগোত্ৰী বৰদলৈ।লকডাউনৰ ফলত গংগোত্ৰীৰ জন্মস্থান কটহগুৰি আৰু দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল কৰ্মহীন হোৱা তথা খাদ্য নাটনিত পৰা পৰিলক্ষিত হোৱাত বিগত কিছুদিন পূৰ্বে খেল' ইণ্ডিয়া য়ুথ গেমছত ৰাজ্যক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা লাভ কৰা আৰ্থিক সাহায্যৰ লগতে পিতৃয়ে আগবঢ়োৱা আৰ্থিক সাহায্যৰ এক লাখ টকাৰে চাউল,ডাইল,নিমখ,
মিঠাতেল,পিয়াঁজ আদিকে ধৰি প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰি শনিবাৰৰ পৰা সোমবাৰলৈকে কটহগুৰি,গান্ধীবড়ি,সৰা গাঁও,কহিগুৰি,ৰূপহীতলি আদি গাঁৱৰ প্ৰায় ৫৫০টা পৰিয়ালৰ মাজত বিতৰণ কৰে।শেহতীয়াকৈ ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে বিনামূলীয়াকৈ চাউলৰ যোগান ধৰিছে যদিও অন্যান্য নিত্য প্ৰয়োজনীয় খাদ্যৰ অভাৱত ভোগা পৰিয়ালক সহায় কৰিবলৈ পাই নিজকে সৌভাগ্যমান বুলি মন্তব্য কৰে গংগোত্ৰীয়ে।উল্লেখযোগ্য যে খেল' ইণ্ডিয়াত যোগদান কৰি ৰাজ্যৰ বাবে চাইক্লিঙত
গংগোত্ৰী বৰদলৈয়ে সোণ,ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হোৱাৰ লগতে চৰকাৰৰ পৰা লাভ কৰিছিল আৰ্থিক      সাহায্য।গংগোত্ৰী আৰু তেওঁৰ পিতৃ-মাতৃৰ এই প্ৰচেষ্টাক একেমুখে শলাগিছে অঞ্চলবাসীয়ে ।

Your Comments