কামৰূপৰ বিভিন্ন অঞ্চলত দুখীয়া পৰিয়াললৈ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ দল-সংগঠন,ব্যক্তিৰ 

Pic

মৃণাল ডেকা,শুৱালকুছি:

ক'ৰ'না ভাইৰাছ (ক'ভিড-১৯) প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা 'লকডাউন'ৰ সময়ত  দৰিদ্ৰ কৃষক শ্ৰমিক শ্ৰেণীৰৰাইজ ভয়ংকৰ বিপদৰ সম্মুখীন হৈছে।লকডাউনৰ বাবে আৰ্থিক তথা খাদ্য সমস্যাৰ সম্মুখীন হোৱা দৰিদ্ৰ  জনসাধাৰণক কিছু সকাহ দিয়াৰ বাবে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত বিভিন্ন দল- সংগঠন,অনুষ্ঠান,প্ৰতিষ্ঠান তথা ব্যক্তিগত প্ৰচেষ্টাত ৭ এপ্ৰিলত জিলাখনৰ বামুন্দী , হালোগাওঁ,শুৱালকুছি,বংশৰ,দামপুৰ চকামা আদি অঞ্চলত দুখীয়া পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে।বামুন্দীৰ প্ৰায় ২০০ টা পৰিয়ালক অসমৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে  বামুন্দী গাওঁৰ স্থানীয় যুৱকদ্বয় নৱজ্যোতি কলিতা,নিন্ম বৰ্গৰ সহায়ক(বামুন্দী জিএল মেমৰিয়াল হাইস্কুল)আৰু সিদ্ধাৰ্থ দাসে (অ'এছপি,কামৰূপ জিলাৰ আমিনগাঁও কোষাগৰ আৰু শুৱালকুছি উপ কোষাগাৰ) বামুন্দী হীৰাপাৰা অঞ্চলত প্ৰায় দুশ পৰিয়ালক খাদ্য সামগ্ৰী(চাউল,দাইল,আলু,ৰঙালাও, মিঠাতেল,ছয়াবিন,নিমখ,হালধি)বিতৰণ কৰে। খাদ্য সামগ্ৰী বিতৰণ কৰি সিদ্ধাৰ্থ দাসে এনে দুৰ্যোগৰ সময়ত দুখীয়া-নিচলাক সহায় কৰিবলৈ সকলো হৃদয়ৱান লোকক আহ্বান জনায়।আনহাতে,দামপুৰ ছানৰাইজ ডেভেলপমেণ্ট এনজিঅ'ৰ সহযোগত বিশিষ্ট সমাজকৰ্মী চামনুৰ তালুকদাৰে দামপুৰ চকমা অঞ্চলত ২০০ টা দুখীয়া পৰিয়ালক চাউল , ডাইল,নিমখ,তেল,আলু আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।শিক্ষক যোগেশ্বৰ শৰ্মাই ১০ টা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী,চাউল,মিঠাতেল,ডাইল,আলু,নিমখ বিস্কুট বিতৰণ কৰে।বামুন্দীত বামুন্দী কেব'ল কমিউনিকেচনৰ উদ্যোগত বামুন্দীৰ শতাধিক দৰিদ্ৰ পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।কেব'ল কমিউনিকেচনৰ স্বত্বাধিকাৰী বিভাষ কলিতা,সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ শিক্ষা সম্পাদক সুৰজিৎ কলিতা,পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰুবুল কলিতাও সাহায্য বিতৰণ কৰে।

Your Comments