'লকডাউন'ত পথাৰতে পচিছে বেঙেনা,তিঁঁয়হ,বিলাহী:শিঙিমাৰীকে ধৰি কেইবাটাও অঞ্চলত কৃষকৰ হাহাকাৰ

Pic

মৃণাল ডেকা,শুৱালকুছি:

ক'ৰ'না ভাইৰাছ (ক'ভিড-১৯)ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা একৈশ দিনীয়া 'লকডাউন'ৰ ফলত দেশৰ জনজীৱন স্থবিৰ হৈ পৰিছে।অসমতো লকডাউনৰ সময়ছোৱাত কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।কাৰণ,লকডাউনৰ সময়ত পথাৰতে পচিবলৈ ধৰিছে পাচলি।যি সময়ত ক'ৰ'না প্ৰতিহত কৰাৰ বাবে বিগত সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ব্যাপক তৎপৰতা দেখুৱাইছে,তাৰ বিপৰীতে,কিন্তু কৃষকসকলৰ পাচলিসমূহ বিক্ৰী কৰাৰ কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।বিয়োগম কৃষি বিভাগৰ কোনো স্পষ্ট নীতি তথা পৰিকল্পনা নথকাত লকডাউনৰ সময়ত ৰাইজক এক শৃংখলিত পদ্ধতিৰে চৰকাৰে পাচলি যোগান ধৰাত ব্যৰ্থ হৈছে।যাৰ ফলত কৃষক ৰাইজ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে কামৰূপ জিলাৰ শিঙিমাৰী আৰু ইয়াৰ দাঁঁতিকাষৰীয়া ৰৌমাৰী,দদৰা,পছৰীয়া আদি অঞ্চলৰ  কৃষকৰ ফচলাে এতিয়া পথাৰতে পচিবলৈ ধৰিছে।এই অঞ্চলৰ ৰাইজে কৰা জিকা,তিঁঁয়হ,বিলাহী,স্কোৱাচ,জলকীয়া , বেঙেনা আদি পূৰ্বতে নিয়মীয়াকৈ শিঙিমাৰী পাইকাৰী বজাৰলৈ বিক্ৰীৰ বাবে আনিছিল যদিও লকডাউনৰ ফলত সেয়াও বন্ধ হৈ পৰে ৷ শিঙিমাৰীৰ পাচলি খেতিয়ক  প্ৰণৱ বৰ্মনে প্ৰতি বছৰৰ দৰে এইবাৰো  প্ৰায় পোন্ধৰ বিঘা মাটিত বেঙেনা,বিলাহী,তিতাকেৰেলা, জলকীয়া,লাও,তিয়ঁহ আদিৰ খেতি কৰিছিল যদিও লকডাউনৰ ফলত  এইসকল কৃষকৰ দৰে প্ৰণৱ বৰ্মনেও ফচল ছিঙিবলৈ পৰা নাই ৷ ইয়াৰ মাজতে কামৰূপ জিলা উপায়ুক্তৰ অনুমতিত  কিছু পাচলি ছিঙি বৃহত্তৰ শুৱালকুছি অঞ্চলত বিক্ৰী কৰিছিল।কিন্তু,ৰাজ্যত ক'ৰ'না আক্ৰান্ত ৰোগী ধৰা পৰাৰ পিছত তেওলোকৰ সেই অনুমতিও বাতিল হয়‌।এনে পৰিস্থিতিত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে এইসকল কৃষকক সকাহ দিয়াৰ যথেষ্ট থল আছিল।মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগত তৃণমূল পৰ্যায়লৈকে বিষয়া-কৰ্মচাৰী থকাৰ পিছতো তেওঁ কৃষকক সকাহ দিয়াৰ বাবে এই সময়ছোৱাত কোনো পৰিকল্পনা যুগুতাব নোৱাৰাতো মন্ত্ৰীগৰাকীৰ ব্যৰ্থতা হিচাপে প্ৰতিপন্ন হৈছে বুলি একাংশ কৃষকৰ লগতে স্থানীয় 'আছু'য়ে  অভিযোগ কৰিছে।উল্লেখ্য যে জিলা পৰ্যায়ৰ গ্ৰাম সেৱকৰ পৰা আৰম্ভ কৰি কৃষি সম্প্ৰসাৰণ বিষয়া,কৃষি উন্নয়ন বিষয়া আদিৰে পৰিপূৰ্ণ এই বিভাগটো।গতিকে,এনে পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ পাচলি উৎপাদন হোৱা স্থানসমুহৰ পৰা সুস্পষ্ট পৰিকল্পনাৰ আধাৰত বিভাগীয় কৰ্মচাৰীৰ জৰিয়তে ক্ৰয় কৰাই সেয়া বজাৰত উপলব্ধ কৰিব পাৰিলেহেঁতেন।এই ক্ষেত্ৰত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই কয় যে এটা বিয়োগোম বিভাগৰ কৃষিমন্ত্ৰীগৰাকীয়ে কোনো আচঁনি ল'ব নোৱাৰাটো দুৰ্ভাগ্যজন।তেওঁ কৃষি বিভাগে নিজাববীয়াকৈ গাওঁবাসীৰ পৰা শাক-পাচলি সংগ্ৰহ কৰি লকডাউনৰ সময়ছোৱাত ৰাইজৰ পদূলিয়ে-পদূলিয়ে গৈ শাক-পাচলি যোগান ধৰিবলৈ দাবী জনায়৷
 

Your Comments