'লকডাউন'ত 'অকণিৰ সাহিত্য সভা'ৰ কবিতা আবৃত্তি প্ৰতিযোগিতা

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
        
সমগ্ৰ দেশতে বৰ্তমান ক'ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে 'লকডাউন' চলি থকাৰ সময়ছোৱাত 'অকণিৰ সাহিত্য সভা'ই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।এই অনুষ্ঠাটিয়ে সামাজিক দায়বদ্ধতাৰে কণমাণিহঁতক ঘৰতে সৃষ্টিশীল কামত ব্যস্ত কৰি ৰখাৰ উদ্দেশ্যে যোৱা ২৮ মাৰ্চৰ পৰা জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত আৰম্ভ কৰিছে কবিতা আবৃত্তি প্ৰতিযোগিতা।প্ৰকৃততে ক'ৰ'না ভাইৰাছৰ সজাগতাক বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত বৰ্তমানলৈকে দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছে।ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে কবিতা আবৃত্তি কৰি সেইবোৰৰ ৰেকৰ্ডিং সামাজিক মাধ্যম হোৱাটছএপ আৰু ফেচবুকত সংযোগ কৰি প্ৰতিযোগিতাৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছে শিশুসকলৰ পিতৃ-মাতৃসকলে।এই প্ৰতিযোগিতাত প্ৰতিযোগীসকলে প্ৰতিদিনে এটা কবিতা ঘৰতে ম'বাইলৰ সন্মুখত আবৃত্তি কৰি ফেচবুকত সংযোগ কৰিব লাগিব ৷ শিশুবন্ধু দুলাল বৰাৰ লগতে অকণিৰ সাহিত্য সভাৰ বিষয়ববীয়া ড° ইন্দু ভূষণ বৰা,পংকজ বৰুৱা,ৰাকেশধীৰ মেধি,মনোৰঞ্জন বৰগোঁহাই আৰু দিগন্ত বৰাই ফেচবুকৰ জৰিয়তে পৰিচালনা কৰা প্ৰতিযোগিতাখনিত দেশৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে | উল্লেখ্য যে পোনপ্ৰথমবাৰৰ বাবে ফেচবুকত আয়োজন কৰা এই প্ৰতিযোগিতাৰ পৰা শ্ৰেষ্ঠ বিবেচিত বাৰজন প্ৰতিযোগী শিশুক নিৰ্বাচিত কৰি বিশেষ সন্মান দিয়াৰ লগতে সকলো প্ৰতিযোগীকে বিশেষ পুৰষ্কাৰ দিয়া হ'ব বুলি অকণিৰ সাহিত্য সভাৰ প্ৰধান  মনোৰঞ্জন বৰগোঁহাঞে জানিবলৈ দিছে ৷

Your Comments