নগাঁৱৰ হাতীগড়ৰ ১৩টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

'লকডাউন'ক কেন্দ্ৰ কৰি অচলাৱস্থাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত খাদ্য সংকটত ভুগিছে গ্ৰামাঞ্চলৰ একাংশ দৰিদ্ৰ লোক।সেয়ে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তথা বিত্তমন্ত্ৰী  ডঃহিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁও ছোৱালী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ মোহন দুৱৰা আৰু তেওঁৰ পৰিয়ালে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ হাতীগড়ৰ ১৩ টাকৈ পৰিয়ালৰ মাজত সোমবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে।নগাঁও চহৰৰ পানীগাঁৱৰ পলিৰোডত বসবাস কৰা দুৱৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত নিজে এই কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰাৰ হেতুকে তেওঁৰ ঘৰত থকা পৰিয়ালৰ ভতিজা আৰু ভতিজা বোৱাৰীৰ হতুৱাই এই কাৰ্য সম্পাদন কৰায়।উল্লেখযোগ্য যে সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য সামগ্ৰীসমূহ সকলোৰে ঘৰে ঘৰে বিতৰণ কৰা হয় । চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ বাবে চাউলৰ পৰিৱৰ্তে দাইল , মিঠাতেল,আলু,আটা,চেনী,চাহপাত আদি এই খাদ্যসামগ্ৰীৰ তালিকাত সন্নিবিষ্ট কৰা হয় । অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকগৰাকীৰ এই মহানুভৱতাৰ শলাগ লৈছে অঞ্চলটোৰ বিভিন্নজনে ।

Your Comments