'যিকোনো প্ৰত্যাহ্বানৰ বাবে আমি সাজু থাকিব লাগিব':মৰিগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Pic

মৰিগাঁৱৰ পৰা জিতুুুমণি নাথ:

"আমি যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু হৈ থাকিব লাগিব।ক'ভিদ-১৯ৰ লগত সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব।তেতিয়াহে আমি এই যুঁজত জয়ী হ'ব পাৰিম।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।ইতিমধ্যে ৪ জনকৈ ক'ভিড-১৯ত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা মৰিগাঁও জিলাত ক'ভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে কি কি ব্যৱস্থা লোৱা হৈছে,সেই সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যেৰ সোমবাৰে  মৰিগাঁৱলৈ অহা মুখ্যমন্ত্ৰী সোণোৱালে মৰিগাঁৱত লগতে কয় -'লকডাউন কিমান দীঘলীয়া হয়,সেইটো ক'ব নোৱাৰি।কিন্তু লকডাউনৰ সময়ত  সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।যথা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংক্ৰান্তত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা প্ৰতিটো পদক্ষেপকে সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীয়েও মানি চলাৰ বাবে সমগ্ৰ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-'স্বাস্থ্য বিভাগে খৰটকীয়াকৈ আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবেই আমি ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হৈ উঠিছোঁ।ৰাজ্যখনৰ চিকিৎসক,নাৰ্চ,স্বাস্থ্য কৰ্মী সকলোৱে এই ৰোগৰ বিৰুদ্ধে যি নিৰন্তৰ সেৱা আগবঢ়াই আছে,তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়-'প্ৰতিটো বিভাগে অত্যাৱশকীয় আৰু জৰুৰী  সেৱা সৰ্বসাধাৰণক দিবলৈ যত্ন কৰিছে।আনহাতে, এই সংকটৰ সময়ত ব্যৱসায়ীসকলে যাতে মূল্যবৃদ্ধি কৰিব নোৱাৰে,তাৰ বাবে চৰকাৰে চোকা নজৰ ৰাখিছে।মূল্যবৃদ্ধি কৰাসকলক সামাজিক অপৰাধী হিচাপে গণ্য কৰা হ'ব। অন্য ৰাজ্যৰ  পৰা আহি যিসকল লোক চিকিৎসালয়লৈ নহাকৈ আছে নাইবা আৰক্ষীক বৰ্তমানলৈকে কোনো তথ্য নজনাই আত্মগোপন কৰি আছে,তেওঁলোকৰ বিৰুদ্ধে  কঠোৰ হ'বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ সভাগৃহত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে পৰ্যালোচনা কৰে ।  
              
 

Your Comments