কমলাকান্ত দাস,হাজো:
আৰক্ষীৰ কঠোৰতাক সকলোয়ে সমালোচনা কৰা দেখা যায়। সময়ে-সময়ে আৰক্ষী বাহিনীৰ কঠোৰতাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসমূহৰ সমালোচনা বিভিন্ন পৰ্যায় পায়গৈ।আমি দেখি আহিছোঁ, শুনি আহিছোঁ এনে ধৰণৰ ঘটনা প্ৰবাহ।পিছে খাকী পোছাকযোৰৰ অন্তৰালতো যে লুকাই থাকে মানুহৰ প্ৰতি অকৃত্ৰিম ভালপোৱা, মৰম,মহানুভৱতা-সেয়া জানো কোনোবাই উপলব্ধি কৰে! কৰ্তব্যৰ খাতিৰত আৰক্ষী কঠোৰ হোৱাৰ নিত্যান্তই প্ৰয়োজন,নহ'লে এখন সমাজ সুচাৰুভাৱে চলিব কিদৰে ! একমাত্ৰ তেনেকুৱা কাৰণতেই হওক বা আন কাৰণতেই হওক আৰক্ষীক বেয়া পোৱাসকলৰ বাবে আগবঢ়াইছো কিছু ভাল খবৰ।কৰ্তব্যৰ খাতিৰত আপোনজনৰ পৰা বহু নিলগত , বন্দুক-বাৰুদৰ মাজত থাকিও যেন পাহৰা নাই মানৱতা।আৰক্ষীৰ খাকী পোছাকজোৰৰ অন্তৰালত থকা উদাৰ অন্তৰবোৰেও যেন আজি অনুভৱ কৰিছে সমাজৰ আৰ্তজনৰ চিঞৰ। সেয়েহে অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত আৰক্ষী লোকসকলৰ দৰে হাজো আৰক্ষী থানাৰ অন্তৰ্ভুক্ত ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ পাঠকৰ নেতৃত্বত আৰক্ষীৰ লোকসকলে 'লকডাউন' পীড়িত আৰ্তজনৰ ঘৰে ঘৰে গৈ যোগান ধৰিলে কিছু খাদ্য সামগ্ৰী।সমাজৰ দৰিদ্ৰজনলৈ সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে আৰক্ষীয়ে।আৰক্ষী বাহিনীৰ এই আদৰণীয় প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছে সচেতন মহলে।
- Log in to post comments
- 12 views