মৃণাল ডেকা,শুৱালকুছি:
ক'ৰ'না ভাইৰাছ (ক'ভিড-১৯)প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণাকৰা 'লকডাউন'ৰ ফলত দুখীয়া-দৰিদ্ৰ কৃষক শ্ৰেণীৰ ৰাইজ ভয়ংকৰ বিপদৰ সম্মুখীন হৈছে।জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পূব বংশৰ অঞ্চলত লকডাউনত দুখীয়া পৰিয়ালে জীৱন নিৰ্বাহৰ বাবে সম্মুখীন হোৱা কঠিন প্ৰত্যাহ্বানলৈ চাই সোমবাৰে গৌতম কনষ্ট্ৰাকশ্বনৰ উদ্যোগত আৰু দদৰা আৰক্ষী চকীৰ সহযোগত সমষ্টিটোৰ আজ্ঞাঠুৰি,শিঙিমাৰী,ৰৌমাৰী,বংশৰ আদি অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰী চাউল,মিঠাতেল,দাইল , আলু,নিমখ আদি প্ৰায় দুই শতাধিক দৰিদ্ৰ লোকক বিতৰণ কৰে গৌতম কনষ্ট্ৰাকশ্বনৰ হৈ প্ৰকাশ জৈনে ৷দৰিদ্ৰ পৰিয়ালকেইটাৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি প্ৰকাশ জৈনে ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগ আৰু সচেতন থাকিবলৈ আৰু চাফ-চিকুণতা অৱলম্বন কৰিবলৈ আহ্বান জনােৱাৰ লগতে লকডাউনৰ সময়ছোৱাত নিজ নিজ গৃহতে সকলোকে আৱদ্ধ থাকিবলৈ আহ্বান জনায়।আনহাতে,বংশৰ শ্ৰীহাটি চুপাৰ গেলামালৰ দোকানী দয়াৰাম দাসেও নিজ সাধ্যানুসাৰে প্ৰায় ৫০ টা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।ইফালে,ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ মিডিয়া তত্ত্বাৱধায়ক হিমাংশু বৈশ্যই ১৫ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে।লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ লোকৰ মাজত বিশিষ্ট সমাজ কৰ্মী মঞ্জু মালাকাৰ ,যুৱ নেতা কিশোৰ মালাকাৰ, মৃদুল কলিতা,ৰাতুল মালাকাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামেশ্বৰ মালাকাৰ আদিয়ে কিছমৎ বংশৰৰ প্ৰায় ৪৫ টা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে।দদৰা সাৰ্বজনীন দূৰ্গাপূজা সমিতিও দৰিদ্ৰ লোকসকলক লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।
- Log in to post comments
- 104 views