"ক'ৰ'না ভাইৰাছে ৰজা-প্ৰজা কাকো নামানে,পৰিত্ৰাণ পোৱাৰ উপায় সামাজিক ব্যৱধান"-নগাঁৱত মুখ্যমন্ত্ৰী সোনোৱাল

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

"ৰাইজৰ লক্ষ্য হৈছে ক'ৰ'না ভাইৰাছে যি অন্ধকাৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে,সেই অন্ধকাৰৰ পৰা মুক্তি পোৱা।আমি সকলোৱে পোহৰৰ দিশে গতি কৰিব লাগিব। ইয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমাজখনক পোহৰৰ দিশলৈ গতি কৰাৰ নিমিত্তে, সমাজৰ প্ৰতিগৰাকী লোকক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বাৰম্বাৰ জনাই অহা আহ্বানক আমি সকলোৱে মানি চলিব লাগিব।আমি সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব। এতিয়া ইয়াৰ কোনো বিকল্প নাই। কাৰণ এতিয়ালৈকে এই ৰোগৰ বীজানুনাশক কোনো ধৰণৰ ভেকচিন আবিষ্কাৰ হোৱা নাই।যেতিয়ালৈকে ঔষধ আবিষ্কাৰ নহয়, তেতিয়ালৈকে আমি সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি জীৱনটোক আগুৱাই নিব লাগিব।" সোমবাৰে নগাঁৱত এখন সংবাদমেলত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ক'ৰ'না ভাইৰাছে সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতিৰ সন্দৰ্ভত নগাঁৱত গ্ৰহণ কৰা ব্যৱস্থৱলীৰ সন্দৰ্ভত বুজ ল'বলৈ আহি  মুখ্যমন্ত্ৰী সোনোৱালে সংবাদমেলখন সম্বোধন কৰি আৰু কয়,"অহা ১৪ এপ্ৰিললৈকে লকডাউনৰ কাৰ্যসূচী অসমৰ জনগণে অতি নিষ্ঠা সহকাৰে পালন কৰি যোৱা উচিত।সকলোৱে নিজৰ নিৰাপত্তাৰ বাবে, পৰিয়ালটোৰ নিৰাপত্তাৰ বাবে, নিজৰ সমাজখন, ৰাজ্যখন, ৰাষ্ট্ৰখন আৰু সমগ্ৰ মানৱ জাতিটোৰ নিৰাপত্তাৰ বাবে এই খিনি কাম নিষ্ঠাসহকাৰে পালন কৰিব লাগিব।" ক'ৰ'না ভাইৰাছে জাতি-ধৰ্ম-ভাষা একো নামানে বুলি মন্তব্য কৰি সোনোৱালে আৰু কয়,"এই ভাইৰাছৰ কোনো জাতি-ধৰ্ম-ভাষাৰ কথা নাই। এই ভাইৰাছে ৰজা-প্ৰজা কাকো নামানে। সকলোৰে বাবে এই ভাইৰাছ মহামাৰী ৰূপত আহিছে। গতিকে,এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। আমি ক'ৰ'না ভাইৰাছক পৰাভূত কৰিবই লাগিব। ইয়াৰ বাবে সামাজিক দূৰত্বৰ বিষয়টোক অত্যন্ত গুৰুত্ব সহকাৰে ল'ব লাগিব।যিটো বেমাৰৰ কোনো ঔষধেই ওলোৱা নাই,তাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় সামাজিক দূৰত্ব।যেতিয়ালৈকে এই বেমাৰৰ কোনো ভেকচিন নোলায় তেতিয়ালৈকে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাহিৰে আন কোনো বিকল্প নাই।" সংবাদমেলত মুখ্যমন্ত্ৰী সোনোৱালে প্ৰধানমন্ত্ৰীৰ সকলো আহ্বান নিষ্ঠা সহকাৰে পালন কৰাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে।লগতে ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজখনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বাবে হাজাৰ-হাজাৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্য কৰ্মী আৰু আৰক্ষী বিভাগৰ হাজাৰ-হাজাৰ কৰ্মীৰ লগতে যোগান বিভাগ, সংবাদ মাধ্যমৰো শলাগ লয়। তদুপৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা তৎপৰতাৰো শলাগ লয়। ইপিনে, লকডাউন সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী সোনোৱালে কয়,"মহামাৰী ক'ৰ'না ভাইৰাছ নি:শেষ কৰাৰ বাবে ভেকচিন তৈয়াৰ নোহোৱালৈকে ১৪ তাৰিখৰ পিছতো সামাজিক দূৰত্ব মানি চলিব লাগিব ৷ লকডাউন ১৪ এপ্ৰিলত অন্ত পৰাৰ পিছত পুনৰ কেনে সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগত আলাপ-আলোচনা কৰি নিশ্চিত কৰিব ৷" ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও আবৰ্ত ভৱনত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ বিষয়াসকলৰ এক সৈতে  আলোচনাত মিলিত হয়। বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে লকডাউনৰ সময়চোৱাত সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে লব লগা সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলো বিভাগৰ মুৰব্বী সকলক নিৰ্দেশ দিয়ে। পিছত তেওঁ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক'ৰ'না আক্ৰান্ত লোকক দিবলগা চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ‌ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীক জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, বিধায়ক ডিম্বেশ্বৰ দাসে স‌ংগ দিয়ে।

 

Your Comments