শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
সমগ্ৰ ৰাজ্যতে 'লকডাউন' অব্যাহত থকাৰ সময়ত আৰ্তজনৰ কাষত অ'এনজিচিৰ অসম সম্পদৰ সদৌ ভাৰত অনুসূচিত জাতি-জাতি কৰ্মচাৰী কল্যাণ সন্থা।সন্থাই শিৱসাগৰৰ ৰাধিকা নগৰ,ৰুদ্ৰসাগৰ,জয়সাগৰৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰায় ৭০ টা পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান কৰে। প্ৰতিটো পৰিয়ালকে সন্থাই চাউল,দাইল,আলু, পিয়াজ, মিঠাতেল,চাবোন আৰু ছয়াবিন বিতৰণ কৰে।সদৌ ভাৰত অনুসূচিত জাতি- জনজাতি কল্যাণ সন্থাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ নিজৰ দৰমহাৰ পৰা মাহেকীয়াকৈ জমা ৰখা পুঁজিৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।সন্থাৰ অধ্যক্ষ পুনাৰাম মিলিৰ আহ্বান মৰ্মে ৫ এপ্ৰিলৰ এই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত সন্থাৰ সম্পাদক জগত হাজৰিকা,দিপেন দাস,ডেম্বিৰাম পাংগিং, কল্যাণ দাস,গহীন বসুমতাৰী,তিলেশ্বৰ নেওগ,চন্দন দাস,দিগন্ত মেছ, মণিৰাম কছাৰী আৰু শৰৎ হাজৰিকাই অংশগ্ৰহণ কৰে।দেশৰ এই দুৰ্যোগৰ সময়ত সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি কল্যাণ সন্থাৰ অ'এনজিচি অসম সম্পদৰ এনে মহৎ কাৰ্যৰ সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।
- Log in to post comments
- 7 views