মৰিগাঁও নগৰত দৰিদ্ৰ পৰিয়ালৰ মাজত আৰ এছ এছ'ৰ খাদ্য সামগ্ৰী বিতৰণ

Mri

মৰিগাঁৱৰ পৰা জিতুমণি নাথ: 
মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা 'লকডাউন'ৰ ফলত গৃহবন্দী হৈ খাদ্য সমস্যাৰ সন্মুখীন হোৱা মৰিগাঁও নগৰৰ একাংশ লোকৰ মাজত দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মৰিগাঁও নগৰৰ স্বয়ংসেৱকসকলে খাদ্য সামগ্ৰী বিতৰণ কৰে।জিলা প্ৰচাৰ প্ৰমুখ দিলীপ কুমাৰ কলিতাই জানিবলৈ দিয়া মতে মৰিগাঁও নগৰৰ ৮ টা বস্তিৰ ১৮০ টা দৰিদ্ৰ পৰিয়াল আৰু হৰিজন কলনিৰ ২৫ টা পৰিয়ালৰ  মাজত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে। মৰিগাঁও নগৰৰ বৌদ্ধিক প্ৰমুখ মৃদু পৱন বৰা,শাৰীৰিক প্ৰমুখ পুণিৰাম বৰদলৈ,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মৰিগাঁও জিলাৰ সম্পাদক ৰাজামণি শইকীয়া,প্ৰমুখ কাৰ্যকৰ্তা আৰু স্বয়ংসেৱকসকলে কেইবাটাও ভাগত বিভক্ত হৈ নগৰখনৰ আৰ্তজনৰ মাজত চাউল,আলু,পিয়াজ,ডাইল আদি বিতৰণ কৰে।

Your Comments