বঙাইগাঁৱৰ প্ৰতিবেদক:
বিশ্বব্যাপি মহামাৰীৰ ৰূপ ধাৰণ কৰা ন'ভেল ক'ৰ'না ভাইৰাছ(কোভিড-১৯)ক প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি সমৰ্থন জনাই বৃহস্পতিবাৰে অসম সৰ্বশিক্ষা অভিযানৰ বঙাইগাঁও জিলা আৰু খণ্ড কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী মিলি এদিনৰ দৰমহা হিচাপে ১,০০,০০০ ( এক) লাখ টকাৰ এখন বেংক ড্ৰাফট ( চেক্) বঙাইগাঁও জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ প্ৰদান কৰে।ড্ৰাফটখন বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক অনুপম ডেকাই উপায়ুক্তগৰাকীৰ হাতত অৰ্পণ কৰে।উল্লেখ্য যে চৰকাৰে এই দুৰ্যোগৰ সময়ত প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীকে এদিনৰ দৰমহা কৰ্তন কৰি সাহায্য পুঁজিলৈ দান কৰাৰ বাবে আহ্বান জনাইছিল৷সেইমৰ্মে অসম সৰ্বশিক্ষা অভিযানৰ বঙাইগাঁও জিলা আৰু খণ্ড কাৰ্যালয়ৰ কৰ্মচাৰীসকলে প্ৰত্যেকৰে পৰা এদিনৰ দৰমহাতকৈ বেছি টকা কৰ্তন কৰি দিয়া বুলি কাৰ্যালয়টোৰ তৰফৰ পৰা জনাইছে।ড্ৰাফটখন উপায়ুক্তগৰাকীৰ হাতত অৰ্পণ কৰাৰ সময়ত বিভাগটোৰ কোষাধ্যক্ষ শুভজিৎ বৰুৱা উপস্থিত আছিল।
- Log in to post comments
- 14 views