হাজোৰ পৰা দুজনক শিঙিমাৰীত কোৱাৰেন্টাইন

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

দিল্লীৰ হজৰত নিজামুদ্দিন দৰ্গাহৰ তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা একাংশ লোকৰ দেহত "ক'ভিড-১৯"ৰ ভাইৰাছ ধৰা পৰাৰ পিছতে সমগ্ৰ দেশৰ লগতে অসমতো সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।তেনে সময়তে বুধবাৰে নিশা হাজো আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং মনাহকুছি আৰু বুল্লুটৰ পৰা দুজন লোকক শিঙিমাৰীত কোৱাৰেন্টাইন কৰা ঘটনাই হাজোৰ বৃহত্তৰ অঞ্চলজুৰি সৃষ্টি কৰিছে আতংকৰ।জানিব পৰা মতে,হাজোৰ ৩ নং মনাহকুছি মছজিদত বিগত প্ৰায় ডেৰ বছৰ ধৰি মৰিগাঁও জিলাৰ ৰূপহীহাটৰ মফিদুল ইছলাম নামৰ লোকজনে স্থায়ীভাৱে ইমামতি কৰি আছিল।ব্যক্তিগত কাৰনত ইমাম ইছলামে ৯ মাৰ্চত নতুন দিল্লী হৈ উত্তৰ প্ৰদেশলৈ গৈছিল আৰু ১২ মাৰ্চত উত্তৰ প্ৰদেশৰ পৰা উভতি ১৪ মাৰ্চত আহি পায়।৩ নং মনাহকুছিৰ স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে,ইমাম ইছলামে সিদিনাৰ পৰাই বৰম্বৈ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কৰ্মীৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি নিৰীক্ষণত থাকে আৰু ইমামগৰাকীক মছজিদৰ চৌহদৰ এটা কোঠাত আছুতীয়াকৈ থাকিবলৈ দিয়া হৈছিল।এই সময়চোৱাত ইমামগৰাকী সুস্থ অৱস্থাত আছিল বুলিও জানিব পৰা গৈছে।তেনে সময়তে বৃহস্পতিবাৰে নিশা হাজোৰ স্বাস্থ্য কৰ্মী সহ আৰক্ষীয়ে ইমাম ইছলামক উদ্ধাৰ কৰি শিঙিমাৰীত কোৱাৰেন্টাইন কৰে।ইফালে,আৰক্ষী সূত্ৰে জানিব পৰা মতে,দিল্লীৰ নিজামুদ্দিন দৰ্গাহৰ ধৰ্মীয় অনুষ্ঠান তবলিগী জামাতত অংশগ্ৰহণ কৰি ওভতা তথা আত্মগোপন কৰি থকা হাজো-বুল্লুটৰ নুৰুল ইছলাম নামৰ অন্য এগৰাকী লোককো বৃহস্পতিবাৰে নিশাই স্বাস্থ্য কৰ্মীসহ আৰক্ষীয়ে উদ্ধাৰ কৰি শিঙিমাৰীত কোৱাৰেন্টাইন কৰে।

Your Comments