নৰেন শৰ্মা,বাহাৰঘাট:
মহামাৰী ক'ৰ'না ভাইৰাছত অসমৰ কেইবাগৰাকী লোক আক্ৰান্ত হোৱাৰ বাতৰিয়ে ৰাজ্যবাসীক উদ্বিগ্ন কৰি তোলাৰ সময়তে ৰাজ্য চৰকাৰৰ 'অসম আৰোগ্য নিধি'লৈ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান,ব্যক্তিয়ে সাহায্য আগবঢ়াইছে।নলবাৰীৰ বৰভাগৰ তিনিটা ধৰ্মীয় অনুষ্ঠানে বুধবাৰে লক্ষাধিক ধন আগবঢ়োৱাৰ পিচত বৃহস্পতিবাৰে বৰভাগৰ কৰিয়া দুৰ্গা পূজা সমিতি আৰু কৰিয়া যুৱক সংঘই অসম আৰোগ্য নিধিলৈ ২৫ হাজাৰকৈ মুঠ ৫০,০০০ টকাৰ সাহায্য আগবঢ়াইছে।অসম গ্ৰামীণ বিকাশ বেংকৰ কৰিয়া শাখাৰ জৰিয়তে তেওঁলোকে এই ধনৰাশি আগবঢ়ায়।
- Log in to post comments
- 22 views