ক'ৰ'না প্ৰতিৰোধ:অবিভক্ত নগাঁৱত ১৭ জনক চিকিৎসালয়ত ভৰ্তি,১৪ জনৰ তেজৰ নমুনা সংগ্ৰহ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় আৰু অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত এটা ধৰ্মীয় অনুষ্ঠানত ৰাজ্যখনৰ আন জিলাৰ লগতে অবিভক্ত নগাঁও জিলাৰ অৰ্দ্ধ -শতাধিক লোকে অংশগ্ৰহণ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে নগাঁৱত আতংকৰ সৃষ্টি হৈছে। নিজামুদ্দিনত অনুষ্ঠিত তবলিগী জামালত অংশগ্ৰহণ কৰা তথা বৰ্তমান দিল্লীত থকা নগাঁৱৰ এজন লোক ক'ৰ'নাত আক্ৰান্ত হোৱাৰ খবৰে সমগ্ৰ নগাঁওবাসীক উদ্বিগ্ন কৰি তুলিছে। নিজামুদ্দিনৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা একাংশ লোক ইতিমধ্যেই নগাঁৱলৈ উভতি আহিছে। জানিব পৰা মতে, অবিভক্ত নগাঁও জিলাৰ নগাঁও সদৰ,ৰূপহী, টুকটুকী, নীলবাগান, হোজাই মাৰ্কাজৰ পৰা তবলিগী জামাতৰ বাবে গৈছিল প্ৰায় অৰ্ধ -শতাধিক লোক।১৫ মাৰ্চৰ ভিতৰত কেইবাটাও পৰ্যায়ত ভাগ হৈ অবিভক্ত নগাঁও জিলাৰ প্ৰায় অৰ্দ্ধ -শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে জামাতত অংশগ্ৰহণ কৰিছিল।এই জামাতত অংশগ্ৰহণ কৰা নগাঁও জিলাৰ মহম্মদ আলীকে ধৰি অসমৰ চাৰিজন লোক ক'ৰ'না ভাইৰাছত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ থকাৰ খবৰে নগাঁওবাসীক অতিশয় চিন্তিত কৰি তুলিছে।মঙলবাৰে নিজামুদ্দিনৰ ঘটনাৰ তথ্য সদৰি হোৱাৰ পিছতে নগাঁৱৰ পৰা জামাতলৈ যোৱা লোকসকল ঘূৰি আহিছে নে নাই সেই সন্দৰ্ভত তৎপৰ হৈ পৰে নগাঁও জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগ।জিলাখনৰ আৰক্ষীয়ে বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে অভিযান চলাই নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানৰ পৰা ১৭ জন লোকক নিজ- নিজ গৃহৰ পৰা আটক কৰি জিলা স্বাস্থ্য বিভাগক চমজাই দিয়ে। জিলা স্বাস্থ্য বিভাগে এই লোকসকলক বেবেজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,উজৰাগাঁও আদৰ্শ চিকিৎসালয়,ৰহাৰ ৰণথলী গ্রাম্য চিকিৎসালয় আৰু ধিং এফ আৰ ইউত আছুতীয়া কক্ষত পৰ্যবেক্ষণত ৰাখিছে।ইয়াৰে বেবেজীয়া প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ১১ জনক ৰখা হৈছে। এইসকলৰ ভিতৰত নগাঁও চহৰৰ ফৌজদাৰীপট্টি-মধুপুৰৰ ৭ জন, ৰূপহীৰ এজন,কলিয়াবৰৰ জখলাবন্ধাৰ এজন আৰু জুৰীয়াৰ সুঁতিৰপাৰৰ দুজন লোক আছে। সুঁতিৰপাৰৰ পৰা চিকিৎসালয়খনত ভৰ্তি কৰোৱা লোক দুজন কেইদিনমানৰ পূৰ্বেই সুঁতিৰপাৰলৈ আহিছিল।চিকিৎসালয়খনত থকা আন ৯ জন নিজামুদ্দিনৰ জামাতত অংশ লোৱা বুলি জানিব পৰা গৈছে।ইফালে,উজৰা গাঁও প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক তিনিজন নগাঁও চহৰৰ চিভিল হস্পিতালৰ সমীপৰ বাসিন্দা বুলি জানিব পৰা গৈছে।তেওঁলোক আজমীৰত ফুৰিবলৈ গৈ ইতিমধ্যে ঘৰলৈ উভতি আহিছিল যদিও স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল।স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে,এই লোক তিনিজনে প্ৰকৃত তথ্য স্বাস্থ্য বিভাগক দিয়া নাই বুলি বিভাগে সন্দেহ প্ৰকাশ কৰিছে।এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে।ৰণথলী গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক দুজন ৰহাৰ দীঘলিআটিৰ বুলি জানিব পৰা গৈছে।ধিং এফ আৰ ইউত চিকিৎসাধীন হৈ থকা লোকজন টুকটুকীৰ বুলি জানিব পৰা গৈছে। ৰহা-ধিঙত চিকিৎসাধীন হৈ থকা লোক তিনিজন নিজামুদ্দিনৰ জামাতলৈ গৈছিল নে নাই সেয়া নিশ্চিত হোৱা নাই যদিও তেওঁলোক জামাতলৈ যোৱা লোকৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা স্বাস্থ্য বিভাগে নুই কৰিবলৈ বিচৰা নাই।ইতিমধ্যে জিলা স্বাস্থ্য বিভাগে এই চিকিৎসালয়কেইখনৰ ভিতৰত বেবেজীয়া আৰু ৰণথলীত চিকিৎসাধীন হৈ থকা ১৩ জনৰ তেজৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰিছে।ধিঙত চিকিৎসাধীন লোকজনৰো তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে। কেনেবাকৈ যদি নগাঁৱৰ এই সকলৰ কোনোবা ক'ৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত হয়,তেন্তে নগাঁওবাসী ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি আশংকা কৰা হৈছে।

Your Comments