বঙাইগাঁৱৰ প্ৰতিবেদক:
'কোভিড- ১৯' সংক্ৰমণৰ বিভীষিকা আৰু দেশত তলা বন্ধত স্তব্ধ জনজীৱন ৷ ইয়াৰ মাজতে বুধবাৰে দুপৰীয়া বঙাইগাঁও জিলাৰ গেৰুকাবাৰীত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত এখন ট্ৰাকৰ পৰা ১৯ জনকৈ লোক হঠাতে নামি পৰাত গেৰুকাবাৰীত আতংকৰ সৃষ্টি হয়।পূব দিশৰ পৰা এখন ট্ৰাকে নমাই থৈ যায় ১৯ জনকৈ লোকক।এই লৈ গেৰুকাবাৰীত আতংকই বিৰাজ কৰে।দুপৰীয়া ১২ -১৫ মান বজাত ট্ৰাকৰ পৰা নামি লোকসকলে গেৰুকাবাৰী তিনিআলি কেঁকুৰিৰ ওচৰত চলন-ফুৰণ কৰি থকাত স্থানীয় ৰাইজে গেৰুকাবাৰীৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গৰাইমাৰীস্থিত গেৰুকাবাৰী উপ আৰক্ষী চকীলৈ লৈ যায়।পিছত মাণিকপুৰ ব্লক পিএইচচিৰ স্বাস্থ্য কৰ্মীয়ে লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহে যদিও স্বাস্থ্য পৰীক্ষাৰ নামত কেৱল সোধ-পোছ কৰিয়ে দায়িত্ব সামৰে।জানিব পৰা মতে উক্ত লোকসকল তিনিচুকীয়া জিলাৰ লিডুৰ কয়লা খনিৰ শ্ৰমিক।ঘৰ যোগীঘোপা থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱত।তিনিচুকীয়াৰ পৰা এখন ট্ৰাক ভাৰা কৰি আহিছে শ্ৰমিকসকল।একেলগে ১৯ জনকৈ লোক একেখন ট্ৰাকত উঠি অহাৰ খবৰ পাই বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে গেৰুকাবাৰী উপ-আৰক্ষী চকীত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ খবৰ লয়।লক্ষণীয় যে মাণিকপুৰ ব্লক পিএইচচিৰ পৰা স্বাস্থ্য কৰ্মীৰ দলে লিডুৰ পৰা অহা যোগীঘোপা অঞ্চলৰ ১৯ জন লোকৰ থাৰ্মেল স্ক্ৰীনিং নকৰাকৈ তেওঁলোকৰ বেমাৰৰ লক্ষণসমূহ সোধ-পোছ কৰা কাৰ্যই বঙাইগাঁও জিলাত 'কোভিড-১৯' চিকিৎসা ব্যৱস্থাৰ স্বৰূপ ওলাই পৰে ৷ বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে লিডুৰ পৰা অহা যোগীঘোপা থানা এলেকাৰ এই লোকসকলে 'তলাবন্ধ'ৰ আইন উলংঘন কৰাত তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।বঙাইগাঁও আৰক্ষীয়ে পিছত যোগীঘোপা থানাত উল্লিখিত লোকসকলক চমজাই দিয়াৰ পাছত চিকিৎসা বিভাগে তেওঁলোকক নিজৰ-নিজৰ ঘৰত হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে৷ উল্লেখ্য যে সমগ্ৰ দেশত বাহাল থকা 'তলাবন্ধ' উলংঘা কৰাৰ অপৰাধত লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গেৰুকাবাৰী উপ আৰক্ষী চকীত ১২২/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছে৷
- Log in to post comments
- 56 views