শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
'লকডাউন'ৰ সময়চোৱাত শিৱসাগৰ জিলাৰ চহৰ অঞ্চলত বসবাস কৰা শ্ৰমজীৱী তথা দিন হাজিৰা কৰা লোক সকলে যাতে কোনোপধ্যে খাদ্য সংকটত ভূগিব লগা নহয় তাৰ বাবে অসম চৰকাৰৰ নিৰ্দেশনামৰ্মে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ডিমৌ আৰু আমগুৰিৰ পৌৰসভা অঞ্চলত সোমবাৰৰে পৰা নিঃশুল্ক সাহায্য (gratuity relief) বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । ডিমৌত এই প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে । এই অনুষ্ঠানত থাওৰাৰ বিধায়ক কুশল দুৱৰী, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱাল আৰু বিদিত দাসো উপস্থিত থাকে। শিৱসাগৰ নগৰতো এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ বিভিন্ন অঞ্চলত অবৈধ সুৰা মজুতকৰণ আৰু বিক্ৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনে তীব্ৰ অভিযান অব্যাহত ৰাখিছে । একোগৰাকী দণ্ডাধীশৰ নেতৃত্বত তথা আৱকাৰী আৰু আৰক্ষী বিভাগৰ সহযোগত এই অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ইতিমধ্যে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই এনে ধৰণৰ অবৈধ সুৰাৰ ঘাটি উৎখাত কৰাৰ লগতে বৰু পৰিমাণে অবেধ সুৰা জব্দ কৰা হৈছে । জিলাখনৰ ৰাজহ চক্ৰ বিষয়া সকলৰ নেতৃত্বত জিলা পশুচিকিৎসা বিষয়া, যোগান বিভাগৰ অধীক্ষক, পৌৰসভাৰ অনাময় পৰিদৰ্শক আৰু সংশ্লিষ্ট আৰক্ষী চকী সমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক লৈ গঠন কৰা টাস্ক ফৰ্চ সমূহে অহৰ্নিশে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা সমূহ যাতে সম্পূৰ্ণৰূপে বলৱত হয় তাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা নিষেধাজ্ঞা সমূহ মানি চলিবলৈ আৰু কোনোধৰনে এইসমূহ উলংঘা নকৰিবলৈ আহ্বান জনোৱা হৈছে। অন্যথা, এই নিৰ্দেশনাসমুহ অমান্য কৰাসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জিলাখনত অত্যাৱশ্যকীয় খাদ্যৰ মজুতকৰণ বা যোগান প্ৰক্ৰিয়া যাতে অব্যাহত থাকে তাৰ প্ৰতি তীক্ষ্ণ নিৰীক্ষণ ৰাখিছে। তেওঁ খুচুৰা আৰু পাইকাৰী ব্যৱসায়ী সকলে যাতে লক্ ডাউন পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰে তাৰ বিৰুদ্ধেও সকীয়াই দিছে। কৰ'ণাৰ ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে অতি আৱশ্যকীয় পন্থা হ'ল সামাজিক দূৰত্ব বজাই ৰখা। সামাজিক দূৰত্ব বজাই ৰখা সুনিশ্চিত কৰাৰ স্বাৰ্থত ইতিমধ্যে জিলা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া সুলভ মূল্যৰ দোকানী আৰু খুচুৰা ব্যৱসায়ী সকলৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ শিৱসাগৰ নগৰৰ প্ৰতিটো ৱাৰ্ডত ফোনযোগে যোগাযোগ কৰিলে ৰাইজৰ ঘৰে যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। সুলভ মূল্যৰ দোকানী সকল হ'ল ক্ৰমে: ১ আৰু ২ নং ৱাৰ্ডৰ বাবে ৱাহিদূৰ ৰহমান (মোবাইল নম্বৰ: ৯৮৫৪০৬৪৭৮৬); ৩ আৰু ৪ নং ৱাৰ্ডৰ বাবে নাজিম খান (মোবাইল নম্বৰ: ৯৯৫৪৬৬২২৫০); ৫ নং ৱাৰ্ডৰ বাবে তাজিম আহমেদ (মোবাইল নম্বৰ: ৬৯০১৩২৩৪২১); ৬ আৰু ৭ নং ৱাৰ্ডৰ বাবে ত্ৰিনয়ন বড়া (মোবাইল নম্বৰ: ৯৯৫৪৪৮৯৮৬৪৪); ৮ আৰু ৯ নং ৱাৰ্ডৰ বাবে দেৱজিত বৰা (মোবাইল নম্বৰ: ৮৬৩৮১১০৭৮১); ১০ আৰু ১১ নং ৱাৰ্ডৰ বাবে ৰঞ্জিত সিং (মোবাইল নম্বৰ: ৯৮৫৯২৮৭২৭৬); ১১ আৰু ১২ নং ৱাৰ্ডৰ বাবে নাৰায়ণ দাস (মোবাইল নম্বৰ: ৯১০১৯২৮৬৩৬); ১৩ আৰু ১৪ নং ৱাৰ্ডৰ বাবে হৰিনাৰায়ণ দত্ত (মোবাইল নম্বৰ: ৭০০২৯১৭৩১৮) আৰু বুলু খান (মোবাইল নম্বৰ: ৯৪৩৫০৫৫৩১৭, ৯৯৫৭১৬৯৩১৯); আৰু সমগ্র শিৱসাগৰ নগৰৰ বাবে ল'ড শ্বেয়াৰ নেটৱৰ্কিং প্ৰা. লি. (মোবাইল নম্বৰ: ৭০০২১১৮৪০৪ আৰু ৯৯৫৭৫৭৭৬১৪)।
খুচুৰা বিক্রেতা সকল/ দোকানসমূহ হ'ল ক্ৰমে: ষ্টেচন চাৰিআলি স্থিত ছুগনচান্দ লালচান্দ (মোবাইল নম্বৰ: ৭০০২০৬৫৩৫০), ৰতনলাল জগদীশ প্ৰসাদ (মোবাইল নম্বৰ: ৯৪৩৫০৫৬২৫৩), ঔম প্ৰসাদ কেডিয়া (মোবাইল নম্বৰ: ৯৪৩৫০৫৫৮৩৯), বি এল আগৰৱালা (মোবাইলনম্বৰ: ৭০০২৪৩৮২৭৫), দূৰ্গা এন্টাৰপ্ৰাইজেচ (মোবাইল নম্বৰ: ৮৮৭৬৮১৯৬৪৩): হস্পিটেল ৰোড স্থিত- শিৱ শক্তি ট্ৰেডিং (মোবাইল নম্বৰ: ৯৯৫৪৩২৬৩৯২); টেম্পল ৰোড স্থিত ৰিয়েল বাজাৰ (মোবাইল নম্বৰ: ৯৪৩৫০৫৫৮৩৫), পোকাৰমল ৰাধাকৃষ্ণণ (মোবাইল নম্বৰ: ৯৪৩৫০৫৭০১২), ৯ টু ৯ (মোবাইল নম্বৰ: ৯৪৩৫০৫৫৮১৫); বাবু পট্টি স্থিত ট্ৰেন্দজ (মোবাইল নম্বৰ: ৯৮৫৪০০২২৮৩); লক্ষ্মী নগৰ স্থিত এম এম এন্দ্ৰিউ (মোবাইল নম্বৰ: ৯৯৫৭০৫০৫৭৭; বৰ্ডিং ৰোড স্থিত শিৱসাগৰ এন্টাৰপ্ৰাইজেছ (মোবাইল নম্বৰ: ৯০৮৫১৭৮৬৮৪), চাহু ষ্টৰ্চ (মোবাইল নম্বৰ: ৯৩৬৫৫২৪৬৩৫); এইচ চি বি ৰোড স্থিত পৰিবাৰ (মোবাইল নম্বৰ: ৯৭০৬৪৭৫৮১২), জগদীশ এন্টাৰপ্ৰাইজ (মোবাইল নম্বৰ: ৯৭০৬৯০৩৬০৯), মেচাৰ্চ কে পি (মোবাইল নম্বৰ: ৭০০২০৬৯৯৪৬), দত্ত এণ্ড চন্স (মোবাইল নম্বৰ: ৭০০২৫০৫৬২৭), দাস এণ্ড চন্স (মোবাইল নম্বৰ: ৯৯৫৪৪৭৪৮৮১), বৰুৱা ব্ৰাদাৰ্চ (মোবাইল নম্বৰ: ৯৭০৬৬৬৭৭৪৯), শোভানী গ্ৰচাৰী (মোবাইল নম্বৰ: ৭০০২০৫৪০৭৩); জে পি আগৰৱালা পথ স্থিত নিবেদন (মোবাইল নম্বৰ: ৯৪৩৫২৭৭৭৭৭), খেমকা এণ্ড চন্স (মোবাইল নম্বৰ: ৯৭০৬০৫৭২০৫), শ্যাম ট্ৰেডাৰ্চ (মোবাইল নম্বৰ: ৯১০১৩৯৩২৭৮), এম এ ট্ৰেডাৰ্চ (মোবাইল নম্বৰ: ৭০০২৬০৮৬০১), নিউ লক্ষ্মী ভাণ্ডাৰ (মোবাইল নম্বৰ: ৯৭০৬২৩৫৬৫৫), আৰৱিন্দ ট্ৰেডাৰ্চ (মোবাইল নম্বৰ: ৯৪৩৫০৫৫৩৮১), বি কে গুপ্তা (মোবাইল নম্বৰ: ৯৯৫৭৩৯৩২০৩), আসাম টি চেন্টাৰ (মোবাইল নম্বৰ: ৯৭০৬১১৩৩৮৯), ৰাধা মোহন সিং (মোবাইল নম্বৰ: ৭০০২১৭৪০৫০), ফুলচান্দ নাৰায়ণ দাস (মোবাইল নম্বৰ: ৯৪৩৫৩৫৫৪২২), এ টি ৰোড স্থিত জয়দেৱী এন্টাৰপ্ৰাইজ (মোবাইল নম্বৰ: ৮৪৭২৮১১০১৯), নিউ শিৱ ভাণ্ডাৰ (মোবাইল নম্বৰ: ৯৯৫৪৩০২৫৪৩), ৰংপুৰ এন্টাৰপ্ৰাইজ (মোবাইল নম্বৰ: ৮৮৭৬৪৫২১৯১), ৰূপশ্ৰী (মোবাইল নম্বৰ: ৯৮৫৪০৬৬৪৪৪), ইজি বাজাৰ (মোবাইল নম্বৰ: ৯৮৬৪৬২৪২৪৫); বি জি ৰোড স্থিত হ’ম চ’পী (মোবাইল নম্বৰ: ৯৪৩৫০৫৫১৪০), মডাৰ্ণ বিউটী (মোবাইল নম্বৰ: ৯৮৬৪৭৪৬৯৩১); এ টি ৰোড স্থিত প্ৰমোদ কুমাৰ বিনোদ কুমাৰ (মোবাইল নম্বৰ: ৯৯৫৭২২৯৯৯৬); হাঁহচৰা, সিংহদুৱাৰৰ চাংগনলাল ৰামনিৱাস টোডী (মোবাইল নম্বৰ: ৯৩৬৫৮৯৯৫৯৯); এ টি ৰোড, আমোলাপট্টিৰ ৰংপুৰ এন্টাৰপ্ৰাইজ (মোবাইল নম্বৰ: ৮৮৭৬৪৫২১৯১); ৰংঘৰ চাৰিআলিৰ মবিদুল ইছলাম (মোবাইল নম্বৰ: ৯১০১৪৪৪৭১৬); মেটেকাৰ গোপাল দত্ত (মোবাইল নম্বৰ: ৬০০০৮৯৬২৯৩)।তেনেদৰে, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাইজৰ সুবিধাৰ্থে ফোনযোগে যোগাযোগৰ দ্বাৰা ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ ব্যৱস্থাও কৰা হৈছে। যোগাযোগৰ বাবে জিলাখনৰ ৰন্ধন গেছৰ এজেঞ্চি সমূহ হল: দেৱজিত শৰ্মা (মোবাইল নম্বৰ: ৯৮৫৪১৩১৫৮৭), নম্ৰতা গেছ চাৰ্ভিছ (আই অ' চি এল), ৭ নং ৱাৰ্ড, শিৱসাগৰ; মাধৱ (মোবাইল নম্বৰ: ৯৯৫৭১১৭৬৪৪), আইলা (আই অ' চি এল), ৯ নং ৱাৰ্ড, শিৱসাগৰ; বৈকুণ্ঠ (মোবাইল নম্বৰ: ৯৯৫৪৯৮৫৬৬৩), জয়শ্ৰী গেছ এজেঞ্চি (আই অ' চি এল), ৬ নং ৱাৰ্ড, শিৱসাগৰ; ভট্ট (মোবাইল নম্বৰ: ৯৯৫৪৯৯৬৩০৮), জয়শ্ৰী গেছ এজেঞ্চি (আই অ' চি এল), ১০ নং ৱাৰ্ড, শিৱসাগৰ; শিৱম ইণ্ডেন গছ (আই অ' চি এল), (মোবাইল নম্বৰ: ৯৪৩৫০৫৬০১২), নাজিৰা; যতীন বৰা (মোবাইল নম্বৰ: ৮০১১১৭০৩৩৪), আমগুৰি গেছ এজেঞ্চি (আই অ' চি এল), আমগুৰি নগৰ; আনন্দ খনিকৰ (মোবাইল নম্বৰ: ৮০১১২১৩৭৮১), খনিকৰ ভাৰত গেছ গ্ৰামীণ বিতৰক (বি পি চি এল), চিৰাং; হিতেশ গাম (মোবাইল নম্বৰ: ৭০০২৪১০২৯৫), ললাড ইণ্ডেন গ্ৰামীণ বিতৰক (আই অ' চি এল), দিচাংমুখ; বৰুৱা ইণ্ডেন (আই অ' চি এল), (মোবাইল নম্বৰ: ৯৪৩৫৫৯৭০২০), গেলেকী, নাজিৰা; এইচ আৰ এইচ ভাৰত গেছ (বি পি চি এল), (মোবাইল নম্বৰ: ৯৪৩৫০৫৮৫৭৭), লাকুৱা; নন্দিতা ইণ্ডেন গ্ৰামীণ বিতৰক (আই অ' চি এল), (মোবাইল নম্বৰ: ৯৪৩৫২২৫৭৭২), নামতি; নাথ (মোবাইল নম্বৰ: ৭৮৯৬১৯৩৪৯৫), জেনিথ ভাৰত গেছ (বি পি চি এল), দৰিকাপাৰ, শিৱসাগৰ; কেশৱ খনিকৰ (মোবাইল নম্বৰ: ৯৩৬৫৫৩৪২৬৮), ডিমৌ এইচ পি গেছ (এইচ পি চি এল), ডিমৌ। উল্লেখযোগ্য যে, জিলা প্ৰশাসনে পাইকাৰী বিক্রেতা সকলৰ দোকান সমূহৰ সময়সীমা দৈনিক পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ আৰু খুচুৰা বিক্রেতাৰ বাবে দোকান সমূহৰ সময়সীমা দৈনিক পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ বাহাল ৰাখিছে।উল্লেখ্য যে, কৰ'ণা ভাইৰাছ সন্দৰ্ভত ওজৰ আপত্তি আৰু কিবা জানিবলগীয়া থাকিলে ১০৭৭,০৩৭৭২-২২৩৩৯৭ ,৮৪৭১৮৬৪৩৫৫ নম্বৰ সমূহত ৰাইজে ফোনযোগে যোগাযোগ কৰিব পাৰিব।
- Log in to post comments
- 37 views