নাৰপাৰাত দৰিদ্ৰ শ্ৰমজীৱীক খাদ্য সামগ্ৰী বিতৰণ কৰিলে সচেতন নাগৰিকে

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰতবৰ্ষত লকডাউন ঘোষণা কৰাত স্তব্ধ হৈ পৰিছে দেশ তথা ৰাজ্যৰ চৌদিশ। ২১ দিনীয়া লকডাউনৰ অসমতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।এই লকডাউনত গ্ৰাম্য অঞ্চলৰ শ্ৰমজীৱী,খেতিয়ক,দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰাসকল ভীষণ সমস্যাত পৰিছে।দৈনিক দিন হাজিৰা কৰি পৰিয়াল চলোৱাসকল তীব্ৰ খাদ্য সংকটত পৰিছে।তথাপিও,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান আৰু ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছে।এইসকল শ্ৰমজীৱী ৰাইজৰ সহায়ৰ বাবে ইতিমধ্যে সচেতন নাগৰিকসকল,চৰকাৰী বিষয়া তথা দল-সংগঠনে কিছু সামগ্ৰী বিতৰণ কৰি আহিছে আৰ্তজনক।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাৰপাৰাৰ কেইজনমান সমাজ সচেতন ব্যক্তিয়ে নিজৰ গাঁঁঠিৰ ধন খৰচ কৰি চাউল,ডাইল, আলু,নিমখ,মিঠাতেল আদি আৰক্ষী প্ৰশাসনৰ সহযোগত নাৰপাৰা, দতৰা,ধনৰা,আমৰা,বড়িগাওঁ, বড়িদতৰাৰ কিছু অংশত বিতৰণ কৰি প্ৰথম পৰ্য্যায়ত প্ৰায় শতাধিক পৰিয়ালক সহায় কৰে।উল্লেখ্য যে সম্পূৰ্ণ নীতি-নিৰ্দেশনা মানি সামাজিক দূৰত্ব বজাই ৰাখি আৰক্ষীৰ উপস্থিতিত বিতৰণ কৰাৰ বাবে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ সচেতন ৰাইজে আদৰণি জনাইছে। আনহাতে,নাৰপাৰাৰ সমাজকৰ্মী যোগেন্দ্ৰ কলিতা আৰু তেওঁৰ পুত্ৰই অসম আৰোগ্য নিধিলৈ ৫২০০ টকা আগবঢ়াইছে।

Your Comments