গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
বুধবাৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা(স্বতন্ত্ৰ)ৰ কেন্দ্ৰীয় সমিতি আৰু বাগিচা সংঘ তথা স্থানীয় যুৱকৰ সহযোগত দক্ষিণ হেঙেৰা আৰু লেটেকুজান চাহ বাগিচা অঞ্চলত দিন হাজিৰা কৰা দৰিদ্ৰ চাহ শ্ৰমিকৰ পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ কৰে। এই জটিল সময়ত সেই অঞ্চলকেইটাই বৰ্তমানলৈকে চৰকাৰী সাহায্য লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে শ্ৰমিকসকলৰ মাজত খাদ্যসংকটে দেখা দিছিল।সেয়েহে আটছা (স্বতন্ত্ৰ) কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা নুৰুল আলী,সভাপতি সুভাষ কৰ্মকাৰে বিশেষ তৎপৰতাৰে এই পদক্ষেপ গ্ৰহণ কৰি দুখীয়া শ্ৰমিকসকলক কিছু সকাহ দিয়াৰ লগতে বাগিচাসমূহত ছেনিটাইজ কৰি লকডাউনৰ সময়ছোৱাত শ্ৰমিকৰ হাজিৰা,ৰেছন দিবলৈ দাবী তোলে।ইয়াৰ লগতে লকডাউন কাৰ্যসূচী সফল কৰি সকলো শ্ৰমিক ৰাইজক ঘৰত থাকিবলৈ আহ্বান জনায়।
- Log in to post comments
- 16 views