কলিয়াবৰত মহানুভৱতাৰ নিদৰ্শন:বিভিন্ন সংগঠন,ব্যক্তিয়ে মুক্তহস্তে আগবঢ়াইছে অসম আৰোগ্য নিধিলৈ অৰ্থ-সাহায্য

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

'মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে'-ড: ভূপেন হাজৰিকাৰ এই গীতটিয়ে যেন সাৰ্থকতা লাভ কৰিলে।বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছক প্ৰতিহত কৰাৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনৰ সময়ত ক'ৰ'না ভাইৰাছৰ লগত মোকাবিলা কৰিবৰ বাবে যি যেনেকৈ পাৰিছে চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে।ইয়াৰ ব্যতিক্ৰম নহয় কলিয়াবৰবাসী।কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই ক'ৰ'না হাস্পতাল নিৰ্মাণ কৰাৰ বাবে ১০ বিঘা মাটি আগবঢ়োৱাৰ কথা জনাই কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে স্বাস্থ্য মন্ত্ৰীলৈ এক আবেদন-পত্ৰ প্ৰেৰণ কৰি যি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে,তাক সকলোৱে একেমুখে শলাগ লৈছে।

Pic

ইফালে,ভঁৰালী নামঘৰ পৰিচালনা সমিতিয়ে পঁচিশ হাজাৰ,কুঁৱৰীটোল বৰ মছজিদ পৰিচালনা সমিতিয়ে দহ হাজাৰ এশ,ইটাভাটা মালিক সন্থাই তিনিলাখ ত্ৰিশ হাজাৰ,জখলাবন্ধা এফআৰইউ,বিপিএইচচি,চিআইচিৰ ডাক্তৰ,নাৰ্ছ আৰু কৰ্মচাৰীয়ে এক লাখ,মানৱ কল্যাণ বহুমুখী সমবায় সমিতিয়ে বিশ হাজাৰ,কলিয়াবৰ মাৰোৱাৰী সন্মিলনে চৌষষ্ঠি হাজাৰ এশ,শিৱস্থান শিৱমন্দিৰ পৰিচালনা সমিতিয়ে পাঁচ হাজাৰ,কৃষি সম্প্ৰসাৰণ কেন্দ্ৰ নলতলীৰ কৰ্মচাৰী অতুল চন্দ্ৰ হাজৰিকাই পাঁচ হাজাৰ, জি এছ ব্ৰিক্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰ গোলাপ চাহুৱে দহ হাজাৰ,555 ব্ৰিক্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী চানছুদ্দিন আনচাৰীয়ে দহ হাজাৰ,মেচ্ছাৰ্চ এবি ইণ্ডাষ্ট্ৰীজ বৰালীগাঁৱৰ স্বত্বাধীকাৰীয়ে দহ লাখ,চতিয়ালৰ শান্তি বৰাই এহেজাৰ টকা,কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগৰ হাতত অৰ্পণ কৰে।মঙলবাৰলৈকে মুঠ পোন্ধৰ লাখ ষাঠি হাজাৰ দুশ টকা জমা হয় আৰু এই ধন ৰাশি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে অসম আৰোগ্য নিধিলৈ প্ৰেৰণ কৰিব বুলি মহকুমাধিপতিগৰাকীয়ে জানিবলৈ দিয়ে।ইফালে,মহকুমাটোত বহু লোকে নিজাববীয়াকৈ দৰিদ্ৰ লোকৰ ঘৰত গৈ খাদ্য-সামগ্ৰী যোগান ধৰি কিছু সকাহ দিয়াৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে।

Your Comments