কিছমৎ বংশৰ-কিছমৎ কদমতলীত দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

Pic

মৃণাল ডেকা,শুৱালকুছি:

ক'ৰ'না ভাইৰাছ(ক'ভিড-১৯)ৰ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত 'লকডাউন' ঘোষণা কৰাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে ৰাজ্যৰ বহু সাধাৰণ মানুহে বিপদত পৰিছে।লকডাউন ঘোষণাৰ ফলত কামৰূপ জিলাৰ কিছমৎ বংশৰ , কমদমতী,কলবাৰী অঞ্চলৰ দিনহাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা প্ৰায় ৪৫ ঘৰ লোকৰ মাজত অঞ্চলটোৰ সমাজহিতৈষী যুৱ সমাজকৰ্মী কিশোৰ মালাকাৰ,মৃদুল কলিতা,ৰাতুল মালাকাৰৰ নেতৃত্বত গন্ধমৌ পঞ্চায়তৰ আঞ্চলিক সদস্য উৎপলা মালাকাৰ,পঞ্চায়ত সদস্য মঞ্জু মালাকাৰৰ সহযোগত মঙলবাৰে উক্ত অঞ্চলৰ গাঁৱৰ ৰাইজৰ মাজত ঘৰে ঘৰে গৈ দাইল- চাউলৰ লগতে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ মাজত,খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিয়ে।যুৱ নেতা কিশোৰ মালাকাৰে কয় যে যি সময়ত ক'ৰ'না ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে,সেই সময়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰোধৰ বাবে লকডাউন ঘোষণা কৰাৰ পিছত সাধাৰণ দৰিদ্ৰ ৰাইজৰ বাবে আজি আমি এই ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁঁ আৰু ইয়াৰ জৰিয়তে কিছু হ'লেও সকাহ পাব।আগলৈ এনেদৰে সহায়-সহযোগ কৰি যাব বুলি তেওঁ ব্যক্ত কৰে।ৰাইজৰ মাজত নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰি দৰিদ্ৰ পৰিয়ালসমূহক সকাহ দিয়া যুৱ সমাজ কৰ্মীকেইজনৰ মহানুভৱতাক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Your Comments