নগাঁও অসামৰিক চিকিৎসালয়ক ১৫০খন বিচনাযুক্ত ক'ভিড হাস্পতাললৈ ৰূপান্তৰ 

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

মাৰাত্মক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে অসম চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।এই ভাইৰাছৰ সংক্ৰমণ যাতে অসমত বিয়পিব নোৱাৰে,তাৰ বাবে চৰকাৰে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে।মঙলবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আহি ক'ৰ'না সন্দৰ্ভত লোৱা ব্যৱস্থাৱলীৰ বুজ লয় স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই।তেওঁ সাংবাদিকৰে সাক্ষাৎকাৰত কয়-"এই ৰোগৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰ সাজু আছে।N-95 মাস্ককে ধৰি ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলো চিকিৎসাৰ সামগ্ৰী মজুত আছে।" নগাওঁ জিলাৰ প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ লগত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত ক'ৰ'না ভাইৰাছ সন্দৰ্ভত জিলাখনত হোৱা পৰিস্থিতিৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে পৰ্য্যালোচনা কৰে।এই পৰ্য্যালোচনাৰ কথা সদৰি কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়-"নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ২০খন বিচনাযুক্ত আইচিইউ ৰাইজৰ বাবে উছৰ্গা কৰাৰ ব্যৱস্থা লোৱা হৈছে।ইতিমধ্যে ইয়াৰ কাম আৰম্ভ কৰা হৈছে।অহা এসপ্তাহ বা দহ দিনৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব।ৰাইজে ইয়াৰ সুবিধা লাভ কৰিব।তদুপৰি এই চিকিৎসালয়খনত ১৫০ খন বিচনাযুক্ত  ক'ভিড (COVID ) হাস্পতাল হিচাপে ৰূপান্তৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই চিকিৎসালয়খনত জৰুৰী আৰু অ'পিডি চিকিৎসা চলি আছে। প্ৰয়োজনত এই ব্যৱস্থা বেবেজীয়া আৰু উজৰাগাঁও আদৰ্শ চিকিৎসালয় লৈ স্থানান্তৰিত কৰা হ'ব।চিকিৎসালয়খনৰ এটা এলেকা ৫৮ খন বিচনাযুক্ত আছুতীয়া কক্ষৰ ব্যৱস্থা কৰি ৰাখ হৈছে।ইয়াত বেৰীকেডৰ ব্যৱস্থা কৰা হৈছে।" জিলাখনৰ বেবেজীয়া উজৰাগাঁও, কন্দলি,কচুৱা,মোৱামাৰী,উলুৱনী আদি চিকিৎসালয়ত ৮০খন বিচনা আছুতীয়া পৰ্যবেক্ষণৰ বাবে ৰখাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়-"তদুপৰি পিএইচচি,চিএইচচি আদি চিকিৎসালয়তো ক'ৰ'না ভাইৰাছৰ স্কীণিঙৰ ব্যৱস্থা কৰা হৈছে।হোজাই জিলা হ'লেও হোজাইত চিভিল হাস্পতাল নাই আৰু যুটীয়া স্বাস্থ্য সঞ্চালকো নাই, সেয়েহে ক'ৰ'নাত আক্ৰান্ত লোকৰ চিকিৎসা নগাঁৱৰ এই চিকিৎসালয়খনতে কৰা হ'ব।" মন্ত্ৰীগৰাকীয়ে লগতে কয়-"এই ৰোগ প্ৰতিৰোধৰ মূল কথাটোৱেই হৈছে সজাগতা।সেয়ে মই সকলোকে আহ্বান জনাইছোঁঁ যাতে সকলোৱে মিলি সজাগতা সৃষ্টি কৰাৰ লগতে লকডাউনৰ নীতি-নিৰ্দেশনা মানি চলি ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ যুঁজত অৱতীৰ্ণ হয়।"

Your Comments