নগাঁৱৰ বেবেজীয়াৰ বিশিষ্ট ব্যৱসায়ী যতিশ শৰ্মাৰ পৰলোকপ্ৰাপ্তি

Pic
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা: নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিৰ নিৱাসী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী যতিশ শৰ্মাৰ যোৱা সোমবাৰে নিশা প্ৰায় ৮ বজাত নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি হয় উল্লেখযোগ্য যে ষাঠিৰ দশকতে উচ্চ শিক্ষাৰে শিক্ষিত হৈ স্বাৱলম্বিতাৰে বেবেজীয়া চাৰিআলিত এখন গেলামালৰ দোকানৰে শৰ্মাই ব্যৱসায়িক জীৱন আৰম্ভ কৰে।বৃহত্তৰ অঞ্চলটোৰ কেন্দ্ৰস্থলত স্বাৱলম্বিতাৰ আৰ্দশৰে বেবেজীয়া চাৰিআলিত সৰ্বপ্ৰথম ব্যৱসায় আৰম্ভ কৰি প্ৰয়াত শৰ্মা পৰৱৰ্তী সময়ত এগৰাকী সফল ব্যৱসায়ীৰূপে প্ৰতিষ্ঠিত হয়।সদা হাস্যময়ী,অমায়িক, মৃদুভাষী,সমাজপ্ৰিয়,দৰিদ্ৰজনক সহায় কৰা তথা প্ৰৱল ইচ্ছাশক্তি থকা এইগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী পৰৱৰ্তী সময়ত নবীন ব্যৱসায়ীসকলৰ বাবে এজন আদৰ্শ ব্যৱসায়ী হৈ পৰে।৮১ বছৰীয়া ব্যৱসায়ী শৰ্মাই মৃত্যুৰ সময়ত দুজন পুত্ৰ,দুগৰাকী বোৱাৰী,এগৰাকী বিবাহিত জীয়ৰীৰ লগতে চাৰিটি নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ যায়।তেওঁৰ মৃত্যুত সমগ্ৰ বেবেজীয়াৰ ব্যৱসায়ী সন্থা,বেবেজীয়া ডিজিটেল মিডিয়া ফ'ৰাম,প্ৰেছ ক্লাব, বেবেজীয়া আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।শৰ্মাৰ মৃত্যুত সমগ্ৰ বেবেজীয়া অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।

Your Comments