নগাঁৱৰ পৰা ৱাহিদুদ জামান:
সমগ্ৰ দেশজুৰি লকডাউন ঘোষণা কৰাৰ পিছত এতিয়া নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিনহাজিৰা,বজাৰত শাক-পাচলি বিক্ৰী আৰু আনৰ ঘৰত কাম কৰি কোনোমতে দুবেলা দুমুঠি খাই পেট-প্ৰৱৰ্তোৱা কৰি অহা লোকসকলৰ জীৱনলৈ যেন ঘোৰ অমানিশা নামি আহিছে।জানিব পৰা মতে,বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কন্দলি,তপতজুৰি , হায়াংথল,শুকানজুৰী,বালিজুৰী,চিলফাটা,নাহৰবাৰী,হাতীখলী,জীয়াজুৰী আদি কাৰ্বি আংলং সীমান্তৱৰ্তী এই বৃহৎ গাঁও আৰু বস্তিসমূহত বসবাস কৰা আৰু দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলাই থকা হাজাৰ-হাজাৰ দৰিদ্ৰ পৰিয়ালে এতিয়া লকডাউনৰ ফলত তীব্ৰ খাদ্য সংকটত পৰি এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিবলগা হৈছে। যিহেতু,এইসকল দৰিদ্ৰ ৰাইজৰ ভিতৰত একাংশই আনৰ ঘৰত কাম তথা দিনহাজিৰা কৰি, আনএকাংশই শাক-পাচলি বিক্ৰী কৰি উপাৰ্জন কৰা সামান্য টকাকেইটাৰে নিজ নিজ ঘৰলৈ দুবেলা দুমুঠিৰ যোগাৰ কৰি আহিছিল,সেই কাৰণে সম্প্ৰতি লকডাউনৰ সময়ছোৱাতএইসকল ৰাইজে ভোকৰ তাড়নাত পেটত গামোচা বান্ধিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।কেৱল ইমানেই নহয়,সমষ্টিটোৰ অন্তৰ্গত বঢ়মপুৰ , চলচলি,বামুনী,পুৰণিগুদাম, হালোৱাগাঁও,বৰবাৰীকে ধৰি বহুকেইটা পঞ্চায়তৰ দৰিদ্ৰ ৰাইজে এমুঠি অন্নৰ বাবে আৰ্তনাদ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে বুলি জানিব পোৱা গৈছে।যিটো সময়ত অসমৰ বিভিন্ন সমষ্টিৰ জনপ্ৰতিনিধিসকলে নিজৰ নিজৰ সমষ্টিলৈ গৈ মহামাৰী ক'ৰ'নাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ লগতে দৰিদ্ৰসকলক সকাহ দিবলৈ পাৰ্যমানে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীসমূহৰ বিতৰণ কৰি আহিছে,সেই সময়ত বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সমষ্টিটোৰ দুখীয়া ৰাইজৰ ফালে পিঠি দি নিৰাপদ দূৰত্বত অৱস্থান কৰি থকা কাৰ্য্য গৰিহণা যোগ্য বুলি স্থানীয় দৰিদ্ৰ নাগৰিকসকলে মন্তব্য কৰিছে।এই প্ৰতিবেদকে চলোৱা চৰজমিন তদন্তত সমষ্টিটোৰ অন্তৰ্গত প্ৰায়বোৰ দৰিদ্ৰ পৰিয়ালৰ ভাষ্য অনুসৰি,স্থানীয় বিধায়কে লকডাউনৰ সময়ত তেওঁলোকৰ কাষত উপস্থিত হোৱাটো বাদেই,এতিয়ালৈকে খবৰ ল'বলৈও আহৰি নহ'ল।ৰাজ্য চৰকাৰে আৰ্থিক পেকেজ আৰু সাহায্য ঘোষণা কৰিছে যদিও বঢ়মপুৰ সমষ্টিৰ এইসকল দৰিদ্ৰ লোকে চৰকাৰী সা-সুবিধাবোৰৰ পৰা উপকৃত হ'বনে,সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ'ব।এইক্ষেত্ৰত নগাঁও জিলাৰ উপায়ুক্তগৰাকীক দুখীয়া ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ দৰিদ্ৰ ৰাইজে টানি অনুৰোধ জনাইছে।
- Log in to post comments
- 68 views