মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
*দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানলৈ যোৱা মৰিগাঁৱৰ ৭ জন লোকক কোৱাৰেণ্টাইনত*
*স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে চিনাক্ত কৰা লোককেইজনৰ ঘৰ জাগীৰোড থানাৰ অন্তৰ্গত নাৱৰমাৰী, ধানশালী আদি গাঁৱত*
*মৰিগাঁৱত উপস্থিত হৈ ৰাজ্যিক স্থাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই ৰাইজক শংকিত নহৈ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান*
*দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা অহা এজনৰ সামান্য জ্বৰ হোৱাৰ বাহিৰে আন কেইজনৰ বৰ্তমানলৈ শৰীৰ সুস্থ*
*তেওঁঁলোকৰ নমুনা পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ*
*কাইলৈ ভিতৰতে ফলাফল লাভ কৰা হ'ব*
*স্থানীয় ৰাইজৰ সহযোগিতাক প্ৰশংসা কৰি ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলৰ ক্ষেত্রতো স্থানীয় ৰাইজক সজাগতা আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান*
*দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা মৰিগাঁৱলৈ অহা লোক সকলৰ ভিতৰত প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আন ১৯ জনৰ অৱস্থিতি লাভ কৰিছে বুলি এক সূত্ৰত প্ৰকাশ*
*ইয়াৰে দুজন ইতিমধ্যে আছে জিলা প্ৰশাসনৰ হ'ম কোৱাৰেণ্টাইনত*
জিতুমনি নাথ /মৰিগাঁও
- Log in to post comments
- 119 views