মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে বঙাইগাঁও জিলা প্ৰশাসনৰ 'সমৰ্থন'

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা 'সমৰ্থন' নামৰ সুন্দৰ পদক্ষেপৰ  শুভাৰম্ভ কৰে।ইয়াৰ দ্বাৰা বঙাইগাঁও জিলা প্ৰশাসনক 'কোভিড-১৯' ৰ লগত যুঁজৰ বাবে সহায় আগবঢ়াবলৈ আগবাঢ়ি অহা সদাশয় ব্যক্তি বা সংগঠনে        সোমবাৰৰে পৰা আৰম্ভ হোৱা 'সমৰ্থন' নামৰ একোখন উপহাৰ কুপন ২০০ টকা মূল্যৰে ক্ৰয় কৰিব পাৰে।দান দিব খোজা ব্যক্তিজনৰ পৰা পোৱা এই ২০০ টকাৰে তেওঁৰ ইচ্ছা অনুযায়ী নৱজাত শিশুৰ সামগ্ৰী বা মহিলাৰ সামগ্ৰী বা পৰিয়ালৰ বাবে সামগ্ৰী ক্ৰয় কৰি অভাৱীজনক দান কৰা হ'ব।জিলা প্ৰশাসনৰ এই পদক্ষেপক সাফল্যমণ্ডিত কৰি অভাৱীসকলক এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ সমূহ ৰাইজকে আহ্বান জনাইছে জিলা প্ৰশাসনে।উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰি জিলা প্ৰশাসনৰ এই পদক্ষেপৰ  শুভাৰম্ভ কৰে৷

 

Your Comments