বৰখালা শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ সমিতিৰ অসম আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকা প্ৰদান

Baharghat

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন :

 সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সচেতন ৰাইজৰ লগতে সামাজিক তথা ধৰ্মীয় অনুষ্ঠানে ৰাজ্য চৰকাৰক আৰ্থিক সহায় সহযোগ কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।মঙলবাৰে  নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালাস্থিত সাৰ্বজনীন শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ যজ্ঞ মন্দিৰ পৰিচালনা সমিতিয়ে সাম্প্ৰতিক সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ৰ'না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ অসম চৰকাৰে গঠন কৰা অসম আৰোগ্য নিধিলৈ কিছু নগদ ধন প্ৰদান কৰে। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হৰিদেৱ ভট্টাচাৰ্য্য সম্পাদক দিলীপ শৰ্মা আৰু সদস্য ক্ৰমে নৃপেন চক্ৰৱৰ্তী, হৰমোহন দাস আৰু অমৰেন্দ্ৰ দাসৰ উপস্থিতিত বৰভাগ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱাৰ হাতত নগদ ৫০,০০০ হাজাৰ টকা প্ৰদান কৰে। আনহাতে,  সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ 'লকডাউন'ৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে সাৰ্বজনীন শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ পৰিচালনা সমিতিয়ে।

Your Comments