চতিয়া সমষ্টিৰ গাঁৱে-গাঁৱে দৰিদ্ৰৰ মাজত বিধায়ক পদ্ম হাজৰিকাই বিতৰণ কৰিলে খাদ্য সামগ্ৰী

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

যোৱা শণিবাৰে এখন জৰুৰী সভাত শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কৰা ঘোষণা অনুসৰিয়েই সোমবাৰে চতিয়া সমষ্টিৰ গাঁৱে গাঁৱে সৰ্ব্বসাধাৰণ ৰাইজৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু শাক-পাচলি বিতৰণ কৰে বিধায়কগৰাকীয়ে।সোমবাৰে পুৱা ছয়খন গাড়ীত চাউল,দাইল,আটা, আলু,পিয়াঁজকে ধৰি বিভিন্ন ধৰণৰ শাক-পাচলি উঠাই লৈ বিধায়ক পদ্ম হাজৰিকাই নিজে গাড়ী চলাই।গাঁৱে-গাঁৱে ৰাইজক বিনামূলীয়াকৈ সামগ্ৰীসমূহ বিতৰণ কৰা দেখা যায়।'লকডাউন'ৰ সময়ত ঘৰতে আৱদ্ধ হৈ থকা সমষ্টিটোৰ ৪০ হেজাৰ দুখীয়া-দৰিদ্ৰ ৰাইজক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক হাজৰিকাই ৷

Your Comments