বঙাইগাঁৱৰ প্ৰতিবেদক:
'অসম চৰকাৰে প্ৰতিখন ঠাইতে বিশেষকৈ জিলা প্ৰশাসনে জনসাধাৰণক এই 'লকডাউন'ৰ মূহূৰ্তত সকলো ধৰণৰ জৰুৰী সেৱা তথা অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ লৈছে।মই আজি বঙাইগাঁৱৰ পৰ্যালোচনা কৰিলো ৷ ইয়াতো আগন্তুক দিনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলোৱা হৈছে ৷ যি কোনো ভয়াৱহ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ জনসাধাৰণক সহায় কৰিব পৰাকৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তৎপৰতাৰে ব্যৱস্থা হাতত লোৱা হৈছে।সেয়ে আমি আশা ৰাখিছো যে জনগণৰ সহযোগত এই ২১।দিনীয়া লকডাউন কাৰ্যসূচী অসমৰ ৰাইজে নিষ্ঠাৰে পালন কৰি ইয়াক সফল কৰি তুলিব।'এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ উল্লেখ্য যে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ত্রাসৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছ(ক'ভিড-১৯)ৰ সংক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৱলী আৰু পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে সোমবাৰে দিনৰ ভাগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বঙাইগাঁও জিলাত উপস্থিত হয়।মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত উপস্থিত হৈয়ে প্ৰথমে বঙাইগাঁৱৰ উত্তৰ মাজগাঁওস্থিত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হয় আৰু ক'ৰ'না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে চিকিৎসালয়খনত গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰিদৰ্শন কৰি বুজ লোৱাৰ লগতে দিনে-নিশাই পৰিশ্ৰম কৰি থকা চিকিৎসক,নাৰ্চৰ উপৰিও আশা কৰ্মীসকলৰ লগত মত বিনিময় কৰে।তেওঁ চিকিৎসালয়খনৰ আইছ'লেচন ৱাৰ্ড,আই চি ইউ ব্যৱস্থা আদিও পৰিদৰ্শন কৰে।এই সময়চোৱাত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া,জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীকে আদি কৰি স্বাস্থ্য বিভাগৰ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসালয়খনত গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত অৱগত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীক স্থানীয় বিধায়ক তথা ৰাজ্যৰ খাদ্য আৰু যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সংগ দিয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় আৰু এখন পৰ্যালোচনা সভাত মিলিত হয়।জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন,জিলা আৰক্ষী প্ৰশাসন, জিলা স্বাস্থ্য বিভাগৰ লগতে জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগসমূহৰ বিষয়াসকল উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা সভাত ক'ৰ'না ভাইৰাছ(ক'ভিড-১৯)ৰ সংক্ৰমণ প্ৰতিৰোধৰ কাৰণে গ্ৰহণ কৰা সকলো কাৰ্য নিষ্ঠাৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে।লগতে,লকডাউনৰ সময়চোৱাত যাতে জনগণে অত্যৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ সন্মুখীন হ'ব নালাগে,তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো নিৰ্দেশ দিয়ে।সভাত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাৰে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে লোৱা ব্যৱস্থা,সাজু কৰি কৰি ৰখা ব্যৱস্থাৱলীকে ধৰি লকডাউনৰ বাবে জিলাবাসীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী আদিৰ বিষয়ে অৱগত কৰে।পৰ্যালোচনা সভাত মন্ত্ৰী ফণীভূষণ চৌধুৰীও উপস্থিত থাকে।ইফালে,পৰ্যালোচনা সভাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদ মেল সম্বোধন কৰে।সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকসকলে এই দুৰ্যোগপূৰ্ণ মূহূৰ্তত বহু কষ্টৰে কাম কৰি থকাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনায়।তেওঁ লগতে কয় -'মই এই মূহূৰ্তত আমাৰ স্বাস্থ্য বিভাগৰ যিসকল কৰ্মকৰ্তা , আশাকৰ্মীসকলৰ লগতে স্বাস্থ্য বিভাগত কাম কৰা চিকিৎসক,নাৰ্চ, চাফাইকৰ্মী আৰু বিভিন্ন পৰ্যায়ৰ যিসকল কৰ্মকৰ্তাই দিনে-নিশাই ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছে সেইসকলক বিশেষভাৱে ধন্যবাদ জনাইছো।'তেওঁ আৰু কয় যে অসম চৰকাৰে প্ৰতিটো ঠাইতে বিশেষকৈ জিলা প্ৰশাসনে জনসাধাৰণক এই মুহূৰ্তত সকলো ধৰণৰ জৰুৰী সেৱা তথা অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ লৈছে।মই আজি বঙাইগাঁৱৰ পৰ্যালোচনা কৰিলো,ইয়াতো আগন্তুক দিনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলোৱা হৈছে।যিকোনো ভয়াৱহ পৰিস্থিতিৰ লগত মোকামিলা কৰিব পৰাকৈ,জনসাধাৰণক সহায় কৰিব পৰাকৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
- Log in to post comments
- 17 views