ক'ৰ'না প্ৰতিৰোধ:ধৰমতুল বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ অসম আৰোগ্য নিধিলৈ আৰ্থিক সাহায্য

Pic

জিতুমনি নাথ,মৰিগাঁও:

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ধৰমতুল বিষ্ণু মন্দিৰ পৰিচালনা সমিতিয়ে সোমবাৰে অসম চৰকাৰলৈ এক লাখ টকা আৰ্থিক সাহায্য আগবঢ়ায়।ধৰমতুল বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বৃটিছ চন্দ্ৰ দাস,সম্পাদক ৰমাকান্ত মেধিয়ে সোমবাৰে 'অসম আৰোগ্য নিধি'লৈ আগবঢ়োৱা ধনৰাশিৰ চেকখন মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ হাতত অৰ্পণ কৰে।উল্লেখ্য যে সমগ্ৰ দেশতে চলি থকা 'লকডাউন'ৰ বাবে মন্দিৰৰ পৰিচালনা সমিতিৰ কোনো সদস্য জিলা উপায়ুক্ত কাৰ্যালয়লৈ আহিব নোৱাৰাত উপায়ুক্ত বৰাই নিজে ধৰমতুল বিষ্ণু মন্দিৰ প্ৰাঙ্গণত উপস্থিত হৈ অসম চৰকাৰলৈ আগবঢ়োৱা চেকখন গ্ৰহন কৰে। জিলা উপায়ুক্তই চেকখন গ্ৰহণ কৰাৰ সময়ত উপস্থিত থাকে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,স্বাস্থ্য বিভাগৰ ডিপিএম জুফিন চুলতানা আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি। *জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মানৱীয় মহানুভৱতা* কৰ'না ভাইৰাছৰ মহাব্যাধি প্ৰতিহত কৰিবলৈ দেশজুৰি চৰকাৰে লকডাউন কৰাত সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা একপ্ৰকাৰে স্তব্ধ হৈ পৰিছে।নিতৌ ঔষধ সেৱন কৰি নিজৰ জীৱন ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হৈ থকা ৰোগাক্ৰান্ত লোকসকলৰ জীৱন লকডাউনৰ সময়ত অতিকৈ কষ্টকৰ হৈ পৰিছে।সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাত একাংশ ৰোগাক্ৰান্ত লোকে নিত্য নৈমিত্তিক ঔষধ সেৱন কৰাৰ ক্ষেত্রত যথেষ্ট আহুকালৰ সন্মুখীন হ'ব লগীয়াত পৰিছে।এনে আহুকালত পৰা দুজন ৰোগাক্ৰান্ত লোকক মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই নিজে ঘৰত গৈ ঔষধ যোগান ধৰি মানৱীয় মহানুভৱতা প্ৰদৰ্শন কৰা ঘটনাক স্থানীয় আৰু সচেতন নাগৰিকে শলাগ লয়।উল্লেখ্য যে মৰিগাঁও জিলাৰ আঁহতগুৰিৰ দ-গাঁৱৰ জয়ন্ত ডেকা আৰু পত্নী বৃন্দা ডেকা দুয়োজনেই ৰোগাক্ৰান্ত লোক। জয়ন্ত ডেকা হৃদৰোগত আক্ৰান্ত হৈ থকাৰ লগতে বৃন্দা ডেকা কৰ্কট ৰোগত আক্ৰান্ত।বৰ্তমান জটিল পৰিস্থিতিত দুয়োজন লোকৰে ঔষধৰ নাটনি হোৱাত কন্যা প্ৰিয়ংকা ডেকাই মৰিগাওঁ জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ লগত যোগাযোগ স্থাপন কৰাত সোমবাৰে উপায়ুক্ত বৰাই নিজে দুয়োজনকে নিজ গৃহতে ঔষধ যোগান ধৰে। উপায়ুক্ত গৰাকীয়ে ঔষধ যোগান ধৰাৰ সময়ত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,অতিৰিক্ত উপায়ুক্ত ডা: তহিদুৰ ৰহমান,স্বাস্থ্য বিভাগৰ ডি পি এম জুফিন চুলতানা আদি কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।

Pic

ইফালে দেওবাৰে মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ ৰোগাক্ৰান্ত এজন লোকক মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই তেওঁৰ বিভাগীয় কনিষ্টবলৰ জৰিয়তে নিজ গৃহতে ঔষধ যোগান ধৰি মানৱীয় মহানুভৱতা প্ৰদৰ্শন কৰে।উল্লেখ্য যে ভূৰাগাঁৱৰ হৃদৰোগত আক্ৰান্ত হৈ থকা ফজলুল হক নামৰ ৰোগাক্ৰান্ত লোকজনৰ ঔষধ শেষ হোৱাত মৰিগাঁও আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ স্থাপন কৰে।ইয়াৰ পিছতেই আৰক্ষী অধীক্ষকজনৰ নিৰ্দেশ অনুসৰিয়েই ভূৰাগাঁও আৰক্ষীৰ কনিষ্টবল এজনে ৰোগাক্ৰান্ত লোকজনক নিজ গৃহতে ঔষধ যোগান ধৰে।জিলা প্ৰশাসনৰ দুই মুৰব্বী বিষয়াই নিজৰ কৰ্ম-ব্যস্ততাৰ মাজতেই জিলাবাসীৰ প্ৰতি দেখুওৱা মানৱীয় দৃষ্টিভংগী তথা মানৱীয় প্ৰমূল্যবোধক উচ্চ প্ৰশংসা কৰিছে জিলাবাসীয়ে।

Your Comments