নৰেন শৰ্মা,বাহাৰঘাট:
নলবাৰী জিলাৰ বৰভাগৰ দোকোহা গাঁৱত থকা থেঠা গোঁসাই থান পৰিচালনা সমিতিয়ে সাম্প্ৰতিক সময়ত ভয়াবহ ৰূপ লোৱা ক'ৰ'না ভাইৰাছৰ মোকাবিলা কৰাৰ বাবে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ নগদ ৫০,০০০ টকা আগবঢ়াইছে। কমাৰকুচি ষ্টেট বেংকৰ যোগেৰে টকাখিনি অসম আৰোগ্য নিধিলৈ আগবঢ়াইছে বুলি পৰিচালনা সমিতিয়ে জনাইছে।পৰিচালনা সমিতিৰ হৈ গণেশ ডেকা,দ্বীপেন কলিতা,ৰবীন পাটোৱাৰী,বিদ্যা দাস, মহেশ ডেকা আৰু কেইবাজনো বিষয়ববীয়াই বেংকলৈ গৈ টকাখিনি প্ৰেৰণ কৰে।
- Log in to post comments
- 53 views