পশ্চিম বড়িগোগত দৰিদ্ৰ লোকৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ক'ৰ'না ভাইৰাছক লৈ এতিয়া স্তব্ধ বিশ্ব।ভাৰততো ২১ দিনীয়া 'লকডাউন'।ঘৰৰ পৰা ওলাই অহা নাই সাধাৰণ জনতা, নিজকে আবদ্ধ কৰিছে নিজৰ ঘৰৰ চাৰিবেৰৰ মাজত।তাৰ মাজতে একাংশ দৰিদ্ৰ পৰিয়ালক সামান্য সকাহ দিছে একাংশ সমাজহিতৈষী লোকে ।কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী অঞ্চলৰ ভালেসংখ্যক দৰিদ্ৰ পৰিয়ালৰ মাজত পাচলি বিলাই সকাহ দিছে অঞ্চলটোৰ জনপ্ৰিয় বেংক মিত্ৰ ব্ৰজেন বৰুৱাই৷উল্লেখযোগ্য যে বৰুৱাই সোমবাৰে পুৱাৰে পৰা সমগ্ৰ দিনটো বাৰাংহাটী,দিপলাং,দৈচপৰা,   পূৰ্ণখুমদুম,গৰমচুত আদি গাৱঁৰ কেইবাটাও অৰ্থনৈতিকভাৱে পিচ পৰা লোকৰ পৰিয়ালক বেঙেনা,বন্ধাকবি,বিলাহী,চাবোন, মাক্স আদি বিতৰণ কৰে৷ভাৰতীয় ষ্টেট বেংকৰ কমাৰকুছি শাখাৰ বেংক মিত্ৰ বৰুৱাই লকডাউনৰ সময়ত বহুতো পৰিয়ালক স্বোৱাইপ মেচিনৰে ধন উলিয়াই বহুত সহায় কৰা বুলি ৰাইজে জানিবলৈ দিছে৷উল্লেখযোগ্য যে বৰুৱাক এইক্ষেত্ৰত  বিশেষ ভাৱে উদগনি যোগাইছে হাজো সমষ্টিৰ যুৱ কংগ্ৰেছৰ নেতা বাপুকণ আলীয়ে৷ইতিমধ্যে আলীয়ে নিজা উদ্যোগত মৌজাখনৰ লগতে সমগ্ৰ হাজো সমষ্টিৰ গাওঁ-ভূঞে সামগ্ৰী বিতৰণ কৰে৷

 

Your Comments