হাজোৰ পৰা কমলাকান্ত দাস:
হাজোত স্বাস্থ্য কৰ্মীক প্ৰহাৰ কৰা কাণ্ডৰ সৈতে জড়িত পলাতক যুৱক আৰক্ষীৰ জালত।শনিবাৰে হাজোৰ বৰ্ণিত এগৰাকী স্বাস্থ্য কৰ্মীক স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাওঁঁতে প্ৰহাৰ কৰি পলায়ন কৰা যুৱকজনক দেওবাৰে হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।বহি:ৰাজ্যত কৰ্মৰত হৈ থাকি নিজ গৃহলৈ উভতি আহি স্বাস্থ্য বিভাগৰ নিৰীক্ষণত থকা ধৃত যুৱকজন হৈছে হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণিৰ পশ্চিম ফকিৰ চুবুৰীৰ শ্বাহৰুখ খান।উল্লেখযোগ্য যে মহামাৰী ক'ৰ'না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ,স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে শনিবাৰে হাজোৰ বৰ্ণিত সংঘটিত হৈছিল এটা অবাঞ্চিত ঘটনা।যিটো ঘটনাই বৃহত্তৰ অঞ্চলজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।বহি:ৰাজ্যত কৰ্মৰত হৈ নিজ ৰাজ্যলৈ উভতা হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণিৰ ছয়গৰাকী লোকক বিশেষ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰিছিল খোদ স্বাস্থ্য বিভাগে।বৰ্ণি উপ স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষযা ডাঃ উৎপল দেৱৰায়সহ স্বাস্থ্য কৰ্মীৰ দল এটাই যোৱা ২৩ মাৰ্চত আটাইকেইজনৰ ঘৰলৈ গৈ বিশেষ নিৰীক্ষণত ৰখাৰ বাবে পৰামৰ্শ দিছিল।এইকেইজনৰ ভিতৰতে আছিল স্বাস্থ্য কৰ্মীক প্ৰহাৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰণ হোৱা শ্বাহৰুখ খান।বিভাগীয় দায়িত্ব মৰ্মে প্ৰতিদিনে স্বাস্থ্য কৰ্মীৰ দ্বাৰা আটাইকেইজনকে নিৰীক্ষণত ৰাখিছিল স্বাস্থ্য বিভাগে।সেই মৰ্মে শনিবাৰেও বৰ্ণি উপ স্বাস্থ্য কেন্দ্ৰৰ এমপিডব্লিও মোস্তাফা আলী আহমেদ আৰু এএনএম মীৰা বৈশ্যই আটাইকেইজনৰ স্বাস্থ্য পৰীক্ষাৰ নিমিত্তে বৰ্ণিৰ পশ্চিম ফকিৰ চুবুৰীৰ শ্বাহৰুখ খানৰ ঘৰলৈ ৰাওনা হয়।তেনে সময়তে শ্বাহৰুখ খানৰ ঘৰৰ পদূলিতে এমপিডব্লিও মোস্তাফা আলী আহমেদক শ্বাহৰুখ খানে উপৰ্যুপৰি আক্ৰমণ কৰি মাটিত বগৰাই দিয়ে আৰু এখন ডেগাৰেৰে আক্ৰমণ কৰাৰ চেষ্টা কৰে যদিও ঘটনাস্থলীত স্থানীয় গাঁঁওবুঢ়া আৰু পঞ্চায়তৰ সদস্য উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল। ইফালে,ঘটনা সংঘটিত কৰি পলায়ন কৰা শ্বাহৰুখ খানক দেওবাৰে হাজো থানাই আটক কৰি ২৮৮/২০২০ নম্বৰত এটি গোচৰ ৰুজু কৰে বুলিও জানিব পৰা গৈছে ।
- Log in to post comments
- 40 views