'লকডাউন' কাৰ্যকৰী কৰিবলৈ অসম আৰক্ষী বদ্ধপৰিকৰ-বঙাইগাঁৱত জি পি সিং

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

পুৱাৰ ভাগত বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ভাওলাগুৰিৰ বৌদী বজাৰত 'লকডাউন' উলংঘাকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰিবলৈ খেদি অহাৰ লগতে শিলগুটিৰে আক্ৰমণ কৰাৰ ফলত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা আৰু শূন্যলৈ গুলিচালনা কৰিবলগীয়া হোৱা ঘটনাৰ বুজ ল'বলৈ বিয়লিৰ ভাগত বঙাইগাঁৱত উপস্থিত হয় অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকী বঙাইগাঁৱত উপস্থিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বঙাইগাঁৱত ১৪৪ ধাৰা জাৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত যিখিনি নিৰ্দেশাৱলী জাৰি কৰিছে সেইখিনি কাৰ্যকৰী কৰিবলৈ এশ শতাংশ বদ্ধপৰিকৰ হৈছোঁঁ।সেয়ে আমি যিকোনো প্ৰকাৰে অত্যাৱশ্যকীয় সেৱাক বাদ দি সম্পূৰ্ণৰূপে লকডাউন কৰিম।এই লকডাউন ৰাইজৰ ভালৰ কাৰণেহে কৰা হৈছে।সেয়ে ৰাইজে লকডাউন মানি চলক।এয়া সমাজৰ কাৰণে মংগলজনক হ'ব।মুঠ কথা হ'ল অসম আৰক্ষীয়ে আইন অনুসৰি লকডাউন কাৰ্যকৰী কৰিমেই আৰু আমাৰ ফালৰ পৰা এয়া নিশ্চিত।এইক্ষেত্ৰত আইন ভংগকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।আমি আইন ভংগকাৰীসকলক এৰি নিদিও।ইয়াত আইনৰ কথা নাহে ,বৰং সমাজৰ কথা জড়িত হৈ আছে ৷ গতিকে সকলোৱে সহযোগ কৰিব লাগে।গ্ৰেপ্তাৰ কৰাসকলক জেললৈ প্ৰেৰণ কৰা হ'ব বুলিও তেওঁ কয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰা কালত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সিংহৰাম মিলি,অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি আদিও আছিল ৷ ইফালে,ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত বঙাইগাঁও আৰক্ষীয়ে মুঠ সাতজনক আটক কৰিছে আৰু ২৮৪/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আনহাতেঘটনাৰ লগত জড়িত আনোৱাৰ হুছেইন নামৰ লোকজন পলাতক হৈ আছে বুলি আৰক্ষী অধীক্ষক সিংহৰাম মিলিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷

Your Comments