ক'ৰ'না প্ৰতিৰোধৰ বাবে ভাগ‍্যশ্ৰী টাটা মটৰ্চৰ বিশেষ পদক্ষেপ:আৰক্ষী প্ৰশাসনৰ গাড়ীৰ বিনামূলীয়া ছেনিটাইজিং

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

সমগ্ৰ বিশ্বতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ইয়াক প্ৰতিৰোধ কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পন্থা।ইয়াৰ ব‍্যতিক্ৰম নহয় নলবাৰীও।বিগত দিনত প্ৰশাসনে নলবাৰী চহৰত বাটে-ঘাটে কীটাণুনাশক দ্ৰব্য ছটিয়াই ছেনিটাইজিঙৰৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।কিন্তু,প্ৰশাসনিক বিষয়া বা কৰ্মচাৰীৰ লগতে আৰক্ষীয়ে দিনে-নিশাই ব্যৱহাৰ কৰা বাহনবোৰো হ'ব পাৰে শংকাৰ কাৰণ।এই দিশলৈ লক্ষ্য ৰাখি শনিবাৰৰে পৰা নলবাৰীৰ ভাগ‍্যশ্ৰী টাটা মটাৰ্চৰ স্বত্ত্বাধিকাৰী তথা বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ দাসৰ নেতৃত্বত নামনি অসমৰ আৰক্ষী প্ৰশাসনৰ যান-বাহনৰ জৰিয়তে হ'ব পৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণক ৰোধৰ বাবে উক্ত প্ৰশাসনৰ বাহনবোৰ ছেনিটাইজ কৰাৰ বিনামূলীয়া ব‍্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।

Pic

দিলীপ কুমাৰ দাসে সংবাদ মাধ্যমক কয়-'আমাৰ নলবাৰীৰ ভাগ‍্যশ্ৰী টাটা মটাৰ্চত আজিৰে পৰা নামনি অসমৰ আৰক্ষী প্ৰশাসনৰ গাড়ী-মটৰসমূহ সম্পূৰ্ণ বিনামূলীয়াভাৱে ছেনিটাইজেচন কৰা হৈছে। ইতিমধ্যে আজি নলবাৰী জিলা উপায়ুক্তৰ বাহনকে ধৰি কেইবাগৰাকী প্ৰশাসনিক বিষয়া তথা কৰ্মচাৰী আৰু আৰক্ষীয়ে ব্যৱহাৰ কৰা এই বাহনবোৰ ছেনিটাইজ কৰি দিয়া হৈছে।'দাসে কয় যে মহামাৰী ক'ৰ'না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে অসমৰ আৰক্ষী প্ৰশাসনৰ ভূমিকা উল্লেখনীয়। লগতে দাসে ইয়াকো কয় যে ক'ৰ'না ভাইৰাছক লৈ জনসাধাৰণ আতংকিত নহৈ চৰকাৰৰ নীতি -নিয়ম পালন কৰি সজাগ হৈ গৃহতে থাকিব লাগে।সমাজকৰ্মী দিলীপ কুমাৰ দাসৰ এনে পদক্ষেপৰ নলবাৰীৰ সচেতন লোকৰ লগতে বিভিন্নজনে আদৰণি জনাইছে ।

Your Comments