নভেল ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ:শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক

Pic

শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁই:

নভেল ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ  বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে পৰ্য্যালোচনা কৰাৰ উদ্দেশ্যে শনিবাৰে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।ৰাজহ চক্ৰ পৰ্য্যায়ত গঠন কৰা টাস্ক ফৰ্চসমূহৰ বিষয়ববীয়া,স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকল,পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াসকল আৰু সুলভ মূল্যৰ দোকানীসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত উপায়ুক্তগৰাকীয়ে অৱগত কৰে যে জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে শিৱসাগৰ নগৰৰ ৱাৰ্ডসমূহত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ প্ৰশাসনে নির্দিষ্ট কৰা সুলভ মূল্যৰ দোকানীসকলৰ জৰিয়তে ঘৰে ঘৰে যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।এই সমূহ সুলভ মূল্যৰ দোকানত ৰাইজৰ ফোনযোগে যোগাযোগ কৰিব পাৰিব।অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকান অর্থাৎ গেলামাল দোকানসমূহ (grocery shops)ত বিক্রেতাসকলে ইচ্ছা কৰিলে বিক্ৰীৰ বাবে শাক-পাচলি মজুত ৰাখিব পাৰিব বুলিও তেওঁ অৱগত কৰে।ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাটো অপৰিহাৰ্য বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহে সামাজিক দূৰত্ব বজাই ৰখাতো নিশ্চিত কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা প্ৰভাৱ পেলাব বুলি দৃঢ় বিশ্বাস ব্যক্ত কৰে।জিলা উপায়ুক্তই ৰাজহ চক্ৰ পৰ্য্যায়ত গঠন কৰা টাস্ক ফৰ্চসমূহৰ বিষয়ববীয়াসকলকো অতিশীঘ্ৰে সংশ্লিষ্ট ৰাজহ চক্ৰসমূহতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।বৈঠকত জিলা উপায়ুক্তই অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে ধাৰ্য কৰা সময় পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে বাহাল থাকিব বুলি দোহাৰে। এইক্ষেত্ৰত কোনো সালসলনি কৰা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে।উপায়ুক্তগৰাকীয়ে লগতে উল্লেখ কৰে যে ক'ৰ'না ভাইৰাছ সন্দৰ্ভত ওজৰ-আপত্তি আৰু কিবা জানিবলগীয়া থাকিলে ১০৭৭, ০৩৭৭২-২২৩৩৯৭ ,৮৪৭১৮৬৪৩৫৫ নম্বৰ সমূহত ৰাইজে ফোনযোগে যোগাযোগ কৰিব পাৰিব। এই বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগক নিৰ্দেশনাও প্ৰদান কৰে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলা প্ৰশাসন আৰু লায়ন্স ক্লাৱৰ উদ্যোগত শনিবাৰে শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত শ্রমজীৱী তথা দিন-হাজিৰা কৰা প্ৰায় ২০০ গৰাকী লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে স্থানীয় ষ্টেচন চাৰিআলিত খাদ্য সামগ্ৰী বিতৰণৰ দ্বাৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অতিৰিক্ত উপায়ুক্ত বিদিত দাসেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।জিলা উপায়ুক্তই জানিবলৈ দিয়া মতে দৰিদ্ৰ শ্রমজীৱী ৰাইজৰ সুবিধাৰ বাবে তেওঁলোকৰ পৰস্পৰৰ মাজত এক মিটাৰ ব্যৱধান ৰাখি এনেদৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমগ্র জিলাতে বিতৰণ কৰা হ'ব।এই প্ৰক্ৰিয়া লকডাউনৰ দিনকেইটাত অব্যাহত থাকিব বুলিও তেওঁ উল্লেখ কৰে।

Your Comments