নলবাৰীৰ পৰা হেমন্ত কলিতা:
নলবাৰী জিলাৰ সৰ্বসাধাৰণৰ সুবিধাৰ বাবে প্ৰশাসনে প্ৰতি এদিনৰ মূৰে-মূৰে মোবাইল ভানেৰে শাক-পাচলি যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে শাক-পাচলি ক্ৰয় কৰিবলৈ লোকসকলে লকডাউন অমান্য কৰি তথা সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম ভংগ কৰি পাচলি বজাৰলৈ ওলাই অহাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয় প্ৰশাসনে।আনহাতে,শুকুৰবাৰৰ বিশৃংখল পৰিস্থিতিৰ পিচত জিলা প্ৰশাসনে গোটেই অসমতে পাচলি বজাৰসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়।বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল যে লকডাউনৰ সময়ছোৱাত গেলামালৰ দোকান, মাছ,মাংস,ফলমূলৰ দোকান তথা পাচলিৰ বজাৰ খোলা থাকিব। নিৰ্দেশনা অনুসৰি,মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ততাৰ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছিল।চৰকাৰৰ নিৰ্দেশনাৰ পিছত সমগ্ৰ অসমৰ লগতে নলবাৰীৰ পাচলিৰ বজাৰত বৃহৎ ভিৰ পৰিলক্ষিত হয়,য’ত সামাজিক দূৰত্ব বজাই ৰখা দেখা নগ’ল।ইফালে,নলবাৰী জিলা প্ৰশাসনে নিজ নিজ অঞ্চলত পাচলি যোগান ধৰাৰ বাবে মোবাইল ভেন গাড়ীৰ নম্বৰ প্ৰকাশ কৰি পাচলি যোগানিয়াৰসকলৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।ইয়াত পাচলি ক্ৰয় কৰিব পৰা কেন্দ্ৰসমূহৰ নাম দিয়া হৈছে।
- Log in to post comments
- 40 views