কলিয়াবৰত ছেনিটাইজিঙৰ কাম পৰ্যবেক্ষণ মন্ত্ৰী কেশৱ মহন্তৰ

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কলিয়াবৰত দ্বিতীয় পৰ্যায়ৰ ছেনিটাইজিঙৰ কাম পৰ্যবেক্ষণ কৰে মন্ত্ৰী কেশৱ মহন্তই।টাষ্ক ফ’ৰ্চে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত  বিভিন্ন কাৰ্যালয়,চিকিৎসালয়,ৰাজহুৱা স্থানসমূহত ছেনিটাইজিং কৰি থকা অৱস্থাত মন্ত্ৰীগৰাকীয়ে নিজে উপস্থিত থাকি তদাৰক কৰে।ইফালে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ মহকুমা প্ৰশাসনৰ মুৰব্বীসকলৰ লগত  আলোচনাত মিলিত হৈ সৰ্বসাধাৰণ ৰাইজে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়,তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে বিষয়াসকলক।

Your Comments