জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসকৰ প্ৰশংসনীয় পদক্ষেপ:আৰোগ্য নিধিলৈ অৰ্পণ কৰিলে ১ লাখ টকাৰ চেক

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ  লস্কৰ:

ক'ৰ'না ভাইৰাছে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে জখলাবন্ধাৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে দেখুওৱা প্ৰশংসনীয় পদক্ষেপে ৰাইজক সন্তোষিত কৰে।জানিব পৰা মতে জখলাবন্ধা এফআৰইউ চিকিৎসালয়খনৰ সমুহ চিকিৎসক আৰু      স্বাস্থ্য কর্মীয়ে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ১  লাখ টকাৰ এখন চেক জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ হাতত অৰ্পণ কৰে।নগাঁও আৰু শোণিতপুৰ জিলাৰ  সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যবেক্ষণৰ দায়িত্বত থকা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই  শনিবাৰে জখলাবন্ধা চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়তে চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া ডা:ক্ষেমন্ত কুমাৰ শইকীয়াই উক্ত চেকখন মন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰে।চেক প্ৰদান কৰাৰে সময়ত কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগো উপস্থিত আছিল। 
 
 

Your Comments