ক'ৰ'নাৰ সজাগতা আনিবলৈ নগাঁৱৰ জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

বৰ্তমান সমগ্র বিশ্ব ক'ৰ'না ভাইৰাছৰ দ্বাৰা আতংকিত । ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে "লকডাউন" ঘোষণা কৰাৰ পিছতেই নগাঁৱৰ এখন চিত্ৰাংকন বিদ্যালয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। নগাঁৱৰ "জ্যোতি চিত্ৰাংকন বিদ্যালয়"য়ে সামাজিক দায়বদ্ধতাৰে কণমাণিহঁতক ঘৰত সৃষ্টিশীল কামত ব্যস্ত কৰি ৰখাৰ বাবে ২২ মাৰ্চৰ পৰা আৰম্ভ কৰিছে "চিত্ৰ অংকন মোৰ প্ৰথম আখৰ" শীৰ্ষক ঘৰত বহি ছবি অঁকা প্ৰতিযোগিতা| ক'ৰনা ভাইৰাছৰ সংক্ৰমন ৰুধিবলৈ কেনে ধৰনৰ সাৱধানতা অৱলম্বন কৰিব লাগে,তাৰ ওপৰত সজাগতাৰ উদ্দেশ্যে ইয়াক বিষয়বস্তু হিচাপে লৈ আৰম্ভ হোৱা এই প্ৰতিযোগিতাত প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে ছবি আঁকি সামাজিক মাধ্যম Whatsappৰ জৰিয়তে প্ৰেৰণ কৰিছে বিদ্যালয়ৰ অধ্যক্ষ সুজিৎ দাসলৈ। ২২ মাৰ্চৰ পৰা ২৯মাৰ্চলৈ চলিবলগীয়া উক্ত প্ৰতিযোগিতাত প্ৰতিযোগীসকলে প্ৰতিদিনে একোখনকৈ ছবি অংকন কৰি প্ৰেৰণ কৰি আছে । প্ৰতিযোগিতাৰ বিষয়সমূহ হৈছে 1) "অকণিসকলে ঘৰৰ ভিতৰত এতিয়া কি কৰি আছা তেনে এক দৃশ্য" বা "ঘৰত থকা এবিধ ফল বা পাচলি"ৰ অংকিত ছবি। 2) "বুঢ়ী আইৰ সাধু", "পঞ্চতন্ত্ৰৰ সাধু" আদি কাহিনীৰ আধাৰত অংকিত ছবি । 3) "জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিকৃতি" বা "ঘৰৰ ভিতৰত থকা বা ভিতৰৰ পৰা দেখা জীৱ-জন্তু-পক্ষী"ৰ অংকিত ছবি । 4) "কালি বা আজি পঢ়া গল্প বা সাধুৰ অনুভৱৰ দৃশ্য"ৰ অংকিত ছবি । অংকিত ছবিসমূহ প্ৰতিযোগীসকলে 9954350313 নম্বৰত Whatsapp যোগে প্ৰেৰণ কৰিব পাৰিব । ইতিমধ্যে অধ্যক্ষ তথা চিত্ৰশিল্পী সুজিৎ দাসে সামাজিক মাধ্যম Facebookৰ জৰিয়তে পৰিচালনা কৰা প্ৰতিযোগিতাখনিত নগাঁও জিলাৰ লগতে ওদালগুৰি, মাজুলী,ডিব্ৰুগড়,ধেমাজি, ডিমা হাছাও, গোলাঘাট, হোজাই, তিনিচুকীয়া, দৰং, শোণিতপুৰ,কামৰূপ, যোৰহাট,শিলচৰ, লক্ষীমপুৰ, বৰপেটা, মৰিগাওঁ, কোকৰাঝাৰ,কাৰ্বি-আংলং আদিকে ধৰি ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে | "জ্যোতি চিত্ৰাংকন বিদ্যালয়"ৰ হৈ শিশুৰ প্ৰিয়বন্ধু দুলাল বৰা আৰু শিল্পী সুজিত দাসৰ পৰিচালনাত আয়োজিত প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰ শ্ৰেষ্ঠ বিবেচিত বাৰ জনক পুৰস্কৃত কৰা হ'ব বুলি উদ্যোক্তাসকলে জনাইছে ।

Your Comments