ক'ৰ'না প্ৰতিৰোধৰ বাবে দ্বিতীয় দিনাও হাজোৰ বিভিন্ন অঞ্চলত ছেনিটাইজিং

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

বৃহস্পতিবাৰৰ পিছত শুকুৰবাৰেও পুৱাৰে পৰা হাজোৰ বৰ্ণি,কলিতাকুছি আৰু চ'ক বজাৰৰ লগতে বিভিন্ন অঞ্চলসমূহত ছেনিটাইজিং কৰে হাজো প্ৰশাসনে।কামৰূপ জিলাৰ দণ্ডাধীশ তথা হাজোৰ চক্ৰ বিষযাৰ উপস্থিতিত দূৰ্যোগ ব্যৱস্হাপনা আৰু অগ্নি নিৰ্ব্বাপক বাহিনীৰ দ্বাৰা কৰা হয় ছেনিটাইজিং।কামৰূপ জিলাৰ দণ্ডাধীশ আৰু হাজো ৰাজহ চক্ৰ বিষয়াৰ ৰাইজলৈ এটাই আহ্বান যাতে জনসাধাৰণ ঘৰতে থাকক। অনাহকত ওলাই অহাৰ কোনো প্ৰয়োজন নাই।হাজোৰ প্ৰতিখন গাঁৱৰ ৰাইজে ক'ৰ'নাৰ প্ৰতিৰোধৰ বাবে নিজ নিজ ঘৰত থাকি নিজকে সুৰক্ষা কৰি দেশৰ সকলোকে সুৰক্ষিত কৰা প্ৰয়োজন।উল্লেখ্য যে গেলামালৰ দোকানত গ্ৰাহক আহোঁঁতে সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে চিহ্ন অংকন কৰি গ্ৰাহকসকলক দেখুৱাই দিয়ে দোকানৰ গৰাকীয়ে ।

Your Comments