বিক্ৰী কেন্দ্ৰৰ পৰা খাদ্য সামগ্ৰী ক্ৰয়ৰ সময়ত মৰিগাঁওবাসীয়ে দেখুৱালে সামাজিক সচেতনতা

Pic

জিতুমণি নাথ,মৰিগাঁও:

'লকডাউন'ৰ সময়ত যাতে সৰ্বসাধাৰণ লোকসকল খাদ্য সংকটৰ সন্মুখীন নহয়,তাৰ বাবে চৰকাৰৰ নিৰ্দেশনা অনুসৰি শুকুৰবাৰৰ পৰা মৰিগাঁও নগৰৰ বিহুতলীত আৰম্ভ হৈছিল শাক-পাচলি,মাছ -মাংসৰ এটা বিক্ৰী কেন্দ্ৰ।তদুপৰি,মৰিগাঁও জিলা প্ৰশাসনক মৰিগাঁও জিলা সাংবাদিক সংস্থাই জনোৱা আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে জিলা প্ৰশাসন,পৌৰসভা আৰু ব্যৱসায়ীসকলৰ মাজত হোৱা আলোচনাৰ মৰ্মে মৰিগাঁও নগৰৰ বিহুতলীত শাক-পাচলি আৰু মাছ-মাংস পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে।সেই অনুসৰি মৰিগাঁও পৌৰসভাই গ্ৰাহকসকল যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগীয়া নহয়,তাৰ প্ৰতি বিশেষ নজৰ ৰাখি চৰকাৰী নীতি-নিৰ্দেশনাৰ ভিত্তিত পুৱাৰে পৰা সতৰ্কতা অৱলম্বনেৰে আৰম্ভ কৰে শাক-পাচলি আৰু মাছ-মাংস বিক্ৰী কেন্দ্ৰটো।এই ক্ষেত্ৰত মৰিগাঁওবাসীয়ে পৌৰসভাৰ নীতি- নিৰ্দেশনাক অনুসৰণ কৰি সামাজিক ব্যৱধান বৰ্তাই বিক্ৰী কেন্দ্ৰৰ পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰে।কিন্তু,মৰিগাঁওবাসীয়ে দেখুৱা জনসচেতনাৰ বিপৰীতে গুৱাহাটী মহানগৰ,তেজপুৰ চহৰ আদিকে ধৰি বিভিন্ন ঠাইৰ জনসাধাৰণে নিয়ম-নীতি নমনা পৰিৱেশৰ সৃষ্টি কৰে।যাৰ বাবে অতি ততাতৈয়াকৈ চৰকাৰে অহা ৩১ মাৰ্চলৈ সকলো ধৰণৰ শাক-পাচলি আৰু মাছ -মাংস বিক্ৰী কেন্দ্ৰ বন্ধ কৰি দিয়া জাননী জাৰি কৰাৰ লগে লগে মৰিগাঁওবাসীয়ে দেখুৱা জনসচেতনা অমূলক হৈ পৰে।ফলত মৰিগাঁও জিলা উপায়ুক্তই ততাতৈয়াকৈ চৰকাৰৰ নিৰ্দেশত মৰিগাঁও নগৰত আৰম্ভ হোৱা শাক-পাচলি বিক্ৰী কেন্দ্ৰটো বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰি বন্ধ কৰি দিয়ে । তাৎপর্যপূৰ্ণ বিষয় এয়ে যে শাক-পাচলি আৰু মাছ-মাংস বিক্ৰী কেন্দ্ৰ আৰম্ভ হোৱা বিষয়টোক লৈ একাংশ লোকে যোগাত্মক দৃষ্টিভংগীৰে মন্তব্য প্ৰকাশ কৰাৰ লগতে আন একাংশই ইয়াৰ জৰিয়তে চৰকাৰে জাৰি কৰা লকডাউন অৰ্থহীন হৈ পৰিব বুলি মন্তব্য কৰিছিল।

Your Comments