পথত বেৰ দি বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ গাওঁবাসীৰ:বাহাৰঘাটত সম্পূৰ্ণ লকডাউন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

বিশ্বত্ৰাস ক'ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনৰ বাবে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ পিছত বাহাৰঘাট অঞ্চলতো সৰ্বাত্মক ৰূপত ৰাইজে ইয়াক পালন কৰিছে।উল্লেখযোগ্য যে বুধবাৰে একাংশ উদণ্ডই লকডাউন উলংঘা কৰাত আৰক্ষী বাহিনীৰ লোকে ঠায়ে ঠায়ে লাঠীচাৰ্জ কৰিবলৈ বাধ্য হৈছিল৷তাৰ পাছত বৃহস্পতিবাৰৰ পৰা সৰ্বাত্মক ৰূপত লকডাউন পালন কৰি বাটপথ জনশূন্য কৰি তোলে৷আনহাতে,অঞ্চলটোৰ একাংশ গঞাই গাওঁখনৰ প্ৰৱেশ পথত বেৰ দি অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ ফলক আৰি দিয়ে৷মন কৰিবলগীয়া যে সংহাৰী ক'ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অঞ্চলটোৰ বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলন স্থগিত ৰখাৰ লগতে বাহাৰঘাটৰ ৰাজহুৱা অশোকাষ্টমীকে ধৰি অঞ্চলটোৰ বহুতো ৰাজহুৱা অনুষ্ঠান বাতিল কৰাৰ লগতে একাংশই মাত্ৰ ধৰ্মীয় পৰাম্পৰা ৰক্ষা কৰিয়ে অনুষ্ঠান সামৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷

Your Comments